ETV Bharat / state

চাপৰৰ বহলপুৰত চড়ক পূজাৰ আয়োজন - বহলপুৰৰ বৰপাৰা প্ৰথম খণ্ড গাঁৱৰ মেস্ত্ৰীপাৰা

চাপৰৰ বহলপুৰত চড়ক পূজাৰ আয়োজন । বহলপুৰৰ বৰপাৰা প্ৰথম খণ্ড গাঁৱৰ মেস্ত্ৰীপাৰাত অনুষ্ঠিত হ'ব এই পূজা । পূজাৰ আয়োজন উপলক্ষে শিৱৰ মূৰ্ত্তি লৈ বিভিন্ন গাঁৱৰ ঘৰে-ঘৰে গৈ ঢোলৰ তালে তালে যুৱকসকলে নৃত্য কৰি ভক্তপ্ৰাণ ৰাইজক আশীৰ্বাদ দিয়া দেখা গ'ল ।

চাপৰৰ বহলপুৰত চড়ক পূজাৰ আয়োজন
চাপৰৰ বহলপুৰত চড়ক পূজাৰ আয়োজন
author img

By

Published : Apr 10, 2021, 4:02 PM IST

পূৱ বিলাসীপাৰা, ১০ এপ্ৰিল: হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ-উল্লাসত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে প্ৰতি বছৰে ১৪ এপ্ৰিল অৰ্থাৎ গৰু বিহুৰ দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হয় চড়ক পূজা । ইয়াৰ বাবে এতিয়া প্ৰস্তুতি তুংগত দেখা গৈছে । ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰৰ বৰপাৰা প্ৰথম খণ্ড গাঁৱৰ মেস্ত্ৰীপাৰাতো দেখা গৈছে চড়ক পূজাৰ আয়োজন । এই পূজাৰ আয়োজন উপলক্ষে শিৱৰ মূৰ্ত্তি লৈ মেস্ত্ৰীপাৰা গাঁৱৰ যুৱকসকলে বিভিন্ন গাঁৱৰ ঘৰে-ঘৰে গৈ ঢোলৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰি ভক্ত প্ৰাণ ৰাইজক আশীৰ্বাদ দিয়া দেখা যায় ।

চাপৰৰ বহলপুৰত চড়ক পূজাৰ আয়োজন

প্ৰতিবছৰে গৰু বিহুৰ দিনাই পালন কৰা হয় এই পূজা ভাগ । সম্পূৰ্ণ এমাহ কঠোৰ সাধনা তথা ব্ৰতত থাকি শিৱভক্তসকলে পালন কৰে এই পূজা । এই এমাহ সাধনাৰ ফলত তেওঁলোকে লাভ কৰে এক ঐশ্বৰিক শক্তি । যি শক্তিৰ বলত ব্ৰত তথা সাধনা কৰা লোকসকলে জ্বলন্ত জুইৰ ওপৰেৰে খোজ কাঢ়ি পাৰ হোৱা, জ্বলন্ত লোৰ জোঙা অস্ত্ৰৰে শৰীৰৰ বিভিন্ন অংশ ফুটা কৰি ইপাৰ-সিপাৰ কৰা, দাৰ ওপৰত জঁপিয়াই জঁপিয়াই নৃত্য কৰা আদি বিভিন্ন শিহৰণকাৰী অদ্ভুত ক্ৰীড়া কৌশল দেখুৱাবলৈ সক্ষম হয় । ৰঙাবস্ত্ৰ পৰিধান কৰা এইসকল শিৱসাধকৰ আশীষ ল'বলৈ গৰু বিহুৰ দিনা চাপৰৰ বহলপুৰৰ বৰপাৰা প্ৰথম খণ্ড গাঁৱৰ মেস্ত্ৰীপাৰাত বিভিন্ন স্থানৰ পৰা এই চড়ক পূজালৈ শ শ ভক্তসকল সমাগম হয় ।

লগতে পঢ়ক: মৰিধল কঠালগুৰি তিৱা গাঁৱত বিহুৰ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.