ETV Bharat / state

চাপৰত সন্দেহযুক্ত দুই যুৱকৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰসহ সঁজিব গুলি

author img

By

Published : Sep 11, 2021, 12:20 PM IST

চাপৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ চাপৰত দুই সন্দেহযুক্ত যুৱকৰ পৰা উদ্ধাৰ হয় দুটাকৈ মাৰণাস্ত্ৰসহ সঁজিব গুলি ৷

sapor police seized two pistol and arrested two person
দুই সন্দেহযুক্ত যুৱকৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰসহ সঁজিব গুলি

পূৱ বিলাসীপাৰা, 11 ছেপ্টেম্বৰ : দুৰ্নীতি তথা অপৰাধৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷ বিভিন্ন সময়ত অসম আৰক্ষীৰ দলে আটক কৰিবলৈ সক্ষম হৈছে বহু অপৰাধী, লগতে জব্দ কৰিবলৈ সক্ষম হৈছে আপত্তিজনক সামগ্ৰীও ৷ এইবাৰ অভিযান চলিল পূৱ বিলাসীপাৰাৰ বহলপুৰ চাপৰত ৷

এক গোপন সূত্ৰৰ পম খেদি, চাপৰ আৰক্ষীৰ ভাৰাপ্ৰাপ্ত বিষয়া প্ৰণৱ দলে আৰু শালকোছা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল দাসৰ নেতৃত্বত শুকুৰবাৰে চলা এই অভিযানত জব্দ হৈছে এটা ৯ এমএম আৰু এটা ৭-৬ এম এম পিষ্টল ৷ লগতে জব্দ হৈছে এজাই সঁজিব গুলি আৰু এখন পালছাৰ ২২০ বাইক ৷ জব্দকৃত বাইক খনৰ নম্বৰ হৈছে AS-19-E -4960 ৷

এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে দুজন যুৱক ৷ আটকাধীন যুৱকদ্বয়ৰ নাম হৈছে মজাম্মেল হক আৰু বাছেৰুল হক ৷

লগতে পঢ়ক: মৰাণৰ পাণধোৱা পাৰঘাটত বিপদসংকুল নৌকা যাত্ৰা

উল্লেখ্য যে, গোপন সূত্ৰৰ ভিত্তিত, চাপৰ আৰক্ষীৰ হাতত আহি পৰিছিল এক তথ্য । সেই তথ্য অনুসৰি, গোৱালপাৰাৰ লক্ষ্মীপুৰ আৰক্ষীৰ অন্তৰ্গত দুই সন্দেহযুক্ত ক্ৰমে মজাম্মেল হক আৰু বাছেৰুল হকে AS-19 E-4960 পালচাৰ বাইকত মাৰনাস্ত্ৰ সহ চাপৰৰ শালকোছা অভিমুখে আহি আছিল । সেই অনুসৰি, চাপৰৰ বহলপুৰত পূৰ্বতকৈ আৰু অধিক কটকটীয়া নিৰাপত্তা বহুৱাইছিল চাপৰ আৰক্ষীয়ে ৷

চাপৰ আৰক্ষীৰ বৃহৎ সফলতা

লগতে পঢ়ক: বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস 2021: প্ৰাথমিক চিকিৎসা আৰু পথ সুৰক্ষা

কিন্তু আৰক্ষীৰ চকুত ধূলি দি সন্দেহযুক্ত যুৱকদ্বয় পলাই যাবলৈ সক্ষম হয় । লগে-লগে চাপৰ আৰু শালকোছা আৰক্ষীয়ে যুৱকদ্বয়ক অনুসৰণ কৰি পিছে-পিছে খেদি যায় ৷ অৱশেষত সন্দেহযুক্ত দুয়ো যুৱকক বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত এডোখৰ ঠাইত আটক কৰিবলৈ সক্ষম হয় । চাপৰ আৰক্ষীয়ে যুৱক দুজনৰ পৰা দুটা পিষ্টল সহ এজাই সঁজিব গুলি জব্দ কৰে । সম্প্ৰতি যুৱক দুজনক চাপৰ আৰক্ষীয়ে আটকাধীন যুৱকদ্বয়ক জেৰা অব্যাহত ৰাখিছে ।

চাপৰত চাঞ্চল্য

অৱশ্যে তদন্তৰ খাতিৰত চাপৰ আৰক্ষীয়ে এতিয়াও সংবাদ মাধ্যমৰ ওচৰত সকলো তথ্য সদৰি কৰা নাই ৷ ইপিনে চাপৰত সন্দেহযুক্ত দুই যুৱকৰ পৰা সজিৱ গুলি উদ্ধাৰৰ পিছতে অঞ্চলটোত এক চাঞ্চল্যই বিৰাজ কৰিছে ৷ চাপৰ আৰক্ষীৰ তদন্তৰ পিছতে সকলো ৰহস্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক: নিমাতীৰ বিননি: বিশ্বনাথত উদ্ধাৰ জান বৰুৱাৰ নিথৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.