ETV Bharat / state

কাঁইটীয়া তাঁৰৰ সিপাৰে গুৰু জনাৰ গুণানুকীৰ্তন - নো মেনচ লেণ্ড এলেকা

গুৰুজনাৰ 571 তম্ জন্ম জয়ন্তী উপলক্ষে ৰামৰায়কুঠী সত্ৰতো অনুষ্ঠিত হয় বিভিন্ন ধৰ্মীয় অনুষ্ঠান ৷ এই অনুষ্ঠানৰ অংশ হিচাপে বৃহস্পতিবাৰে উলিওৱা হয় ভাগৱত যাত্ৰা ৷ সত্ৰৰ চাৰিহাটী প্ৰদক্ষিণ কৰি ভাগৱত শোভাযাত্ৰাৰে ভক্তসকলে কাইটীয়া তাঁৰৰ ভিতৰৰ নো মেনচ লেণ্ড এলেকাত প্ৰৱেশ কৰে ৷

গুৰুজনাৰ 571 তম্ জন্ম জয়ন্তী
author img

By

Published : Oct 10, 2019, 7:43 PM IST

হৰি নামৰ ধ্বনিৰে মুখৰিত ভাৰত-বাংলা সীমান্ত ৷ কাঁইটীয়া তাঁৰৰ সিপাৰে গুৰু জনাৰ গুণানুকীৰ্তন ৷ ভাৰত-বাংলা সীমান্তৰ সত্ৰশালত মহাপুৰুষ শংকৰ দেৱে স্থাপন কৰিছিল ৰামৰাই কুঠীৰ সত্ৰ ৷ এই সত্ৰতে গুৰুজনাৰ উপস্থিতিত কোঁচ ৰজা নৰনাৰায়ণৰ ভাতৃ বীৰ চিলাৰায় আৰু ৰাম ৰায় আতাৰ জীয়ৰীৰ বিবাহ সম্পন্ন হৈছিল ৷

গুৰুজনাৰ 571 তম্ জন্ম জয়ন্তী

গুৰুজনাৰ 571 তম্ জন্ম জয়ন্তী উপলক্ষে ৰামৰায়কুঠী সত্ৰতো অনুষ্ঠিত হয় বিভিন্ন ধৰ্মীয় অনুষ্ঠান ৷ এই অনুষ্ঠানৰ অংশ হিচাপে বৃহস্পতিবাৰে উলিওৱা হয় ভাগৱত যাত্ৰা ৷ সত্ৰৰ চাৰিহাটী প্ৰদক্ষিণ কৰি ভাগৱত শোভাযাত্ৰাৰে ভক্তসকলে কাইটীয়া তাঁৰৰ ভিতৰৰ নো মেনচ লেণ্ড এলেকাত প্ৰৱেশ কৰে ৷ তাতেই আছিল গুৰুজনাৰ নাওবন্ধা ঘাট ৷ ঘাটৰ এজোপা ঔটেঙা গছত গুৰুজনাই ভটিয়াই আহি নাও বান্ধিছিল বুলি প্ৰচলিত হৈ আহিছে৷ সেয়েহে গুৰুজনাৰ আবিৰ্ভাৱ তিথিত সিপাৰৰ নাও বন্ধা ঘাটত গৈ সেৱা আগবঢ়ায় ভকত বৈষ্ণৱে ৷ গুৰু জনাৰ জন্ম তিথি উপলক্ষে এইবেলিও ভকত-বৈষ্ণৱ সমন্নিতে ৰাইজে ভাগৱত ভ্ৰমণ কৰি মুখেমুখে হৰি নাম লৈ সেৱা আগবঢ়াই সত্ৰৰ লগতে নাওবন্ধা ঘাটত ।

Intro:সীমান্তৰ কাঁইটীয়ী তাঁৰৰ বেৰৰ ইপাৰ সীপাৰ দুয়োপাৰ মুখৰিক হৰিনামৰ ধ্বনিৰে৷ কাইটীয়া তাঁৰৰ সিপাৰ মুখৰিত হল কীৰ্ত্তনেৰে ৷ বিশাল ভাগৱত শোভাযাত্ৰা প্ৰত্যক্ষ কৰিলে বাংলাদেশৰ নাগৰিকেও ৷ বি এছ এফে খুলি দিলে সীমান্তৰ কাঁইটীতাঁৰৰ বেৰ ৷ কিন্তু কিয় ৷ কিয় বেৰৰ ৰ সিপাৰত হৰিনাম ৷ চাওক আমাৰ এক প্ৰতিবেদন ৷৷
Body:
ভাৰত বাংলা সীমান্তৰ সত্ৰশালত শংকৰদেৱে স্থাপন কৰিছিল ৰামৰাইকুঠ সত্ৰ| এই খন সত্ৰতে কোচৰজা নৰনাৰায়নৰ ভাতৃ চিলাৰায় আৰু ৰামৰায় আতাৰ জীয়ৰী আই বিবাহ কাৰ্য সম্পন্ন হৈছিল, গুৰুদনাৰ উপস্থিতিত | ৰামৰাইকুঠী সত্ৰতে অনুষ্ঠিত হয় গুৰুজনাৰ ৫৭১ তম আবিৰ্ভাৱ তিথি ৷ চাৰিদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হয় গুৰুজনাৰ জন্মোত্সৱ ৷ বৃহস্পতিবাৰে পূৱা অখণ্ড পালনামৰ সামৰণি পৰাৰ পিছতে উলিওৱা হয় বৃহত্ ভাগৱত শোভাযাত্ৰা ৷ ভাগৱত শোভাযাত্ৰা সত্ৰৰ চাৰিহাটী প্ৰদক্ষিণ কৰি কাইটীয়া তাঁৰৰ ভিতৰৰ নো মেনচ লেণ্ডত প্ৰৱেশ কৰে ৷কাৰণ বৰ্তমান নো মেনচ লেণ্ডত অৱস্থিত গুৰুজনাৰ নাও বন্ধা ঘাট ৷ ঘাটৰ এই ঔটেঙা গছডালতে গুৰুজনাই ভটিয়াই আহি বান্ধিছিল নাও ৷ সেয়েহে গুৰুজনাৰ আবিৰ্ভাৱ তিথিত সিপাৰৰ নাও বন্ধা ঘাটত ভাগৱত শোভাযাত্ৰা পাৰ হৈ সেৱা আগবঢ়ায় ভকত বৈষ্ণৱে ৷ এয়া তাৰে দৃশ্য ৷ এই ভাগৱত শোভাযাত্ৰা সত্ৰশালৰ শ্ৰী শ্ৰী ধাম ৰামৰাই কুটি সত্ৰৰ চাৰিহাটি প্ৰদক্ষিন কৰি প্ৰৱেশ কৰে নো মেনচ লেণ্ডত ৷ এই পৰম্পৰা সত্ৰ প্ৰতিস্ঠা হোৱাৰ দিনৰে পৰা চলি আহিছে ৷ সেয়েহে এইবেলিও এনেদৰে সীমান্তৰ দুয়োপাৰে মুখৰুত হল হৰিনাম কীত্তনেৰে ৷ চাৰিদিনীয়া কাৰ্য্যসুচীত সত্ৰ প্ৰাংগনত নাম প্ৰসংগ কীৰ্ত্তনেৰে ৰজন জনাই গৈছে সত্ৰশাল ৷

BITE - (1) জীতেন্দ্ৰ নাথ প্ৰধানী, সত্ৰাধিকাৰ সত্ৰশাল সত্ৰ তথা সভাপতি সত্ৰ মহাসভা, অসম ৷Conclusion: মুঠৰ ওপৰত এনেদৰে হৰিনামেৰে বিভোৰ সত্ৰশাল ৷ এয়াই অন্যতম সীমান্তত গুৰুজনাৰ তিথি ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.