ধুবুৰী,11 জানুৱাৰী: এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছে ধুবুৰীৰ মাঝেৰচৰ চলাকুৰা পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ তথ্য ৷ দুৰ্নীতিৰ অভিযোগৰ ভিত্তিত স্থানীয় ৰাইজে ইতিমধ্যে আৰক্ষী থানাত গোচৰ তৰাৰ উপৰিও প্ৰায় কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰিছে ৷ মূলত 2016-17 বৰ্ষৰ চতুৰ্থ বিত্তীয় সাহাৰ্য পুঁজিৰ জৰিয়তে বাগান বজাৰৰ পৰা আদৰ্শ বজাৰলৈ যোৱা এম জি এনেৰেগা পথৰ ওপৰৰ নিৰ্মাণ হোৱা এটা বক্স কালভাৰ্ট নামত চৰকাৰে আৱণ্টন দিয়া 8 লাখ 11 হাজাৰ 599 টকাত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
উক্ত কালভাৰ্টটো নিৰ্মাণৰ বাবে সম্পূৰ্ণ টকা আৱন্টন দিয়া হৈছে যদিও মাথো পঞ্চাশ শতাংশ কাম কৰি বাকী টকা আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ইতিমধ্যে এই সংক্ৰান্তত পঞ্চায়তটোৰ সভাপতি কেতাপ আলী,সচিব আব্দুল ওৱাহাব আৰু কনষ্ট্ৰাকচন কমিটিৰ অধ্যক্ষ শুকুৰ আলীৰ বিৰুদ্ধে স্থানীয় আব্দুল মান্নান নামৰ লোক এজনে ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷
![sacm-allegation-against-majherchor-gaon-panchayat-dhuburi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10199898_719_10199898_1610360550673.png)
ইতিমধ্যে উক্ত এজাহাৰৰ ভিত্তিত 1947/20 নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে,আন দুটাকৈ বক্স কালভাৰ্ট নিৰ্মাণৰ ক্ষেত্ৰতো এনে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ লগতে পঞ্চায়তটোত 2016-17 বৰ্ষৰ পৰা 2018-19 বৰ্ষলৈকে চতুৰ্থ বিত্তীয় সাহাৰ্য পুঁজিৰ জৰিয়তে চৰকাৰে আৱণ্টন দিয়া 99 লাখ 54 হাজাৰ 568 টকাৰ আঁচনি ৰূপায়ণত চৰম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে আব্দুল মান্নান নামৰ লোকজনে জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখা লৈ এটা অভিযোগ দাখিল কৰিছে ৷
![sacm-allegation-against-majherchor-gaon-panchayat-dhuburi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10199898_642_10199898_1610360571116.png)
লগতে পঢ়কঃগোৱালপাৰাত গুলিচালনাৰ ঘটনা : আহত 6 গৰাকী