ETV Bharat / state

ধুবুৰী জিলাৰ গৌৰীপুৰত ভয়াৱহ দুৰ্ঘটনা - road accident at dhuburi

ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা ৷ অভাৰ লোডিং পাইপ ভৰ্তি বলে'ৰ পিক আপ ভেনৰ সৈতে বিবাহ যাত্ৰী ভৰ্তি আলট্ৰা বাছৰ মাজৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ বিশ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে শিশুসহ নিহত হয় বাছৰ কনডাক্টৰজন ৷

ভয়াৱহ দুৰ্ঘটনা
ভয়াৱহ দুৰ্ঘটনা
author img

By

Published : Feb 11, 2020, 4:36 PM IST

গৌৰীপুৰ, 11 ফেব্ৰুৱাৰীঃ আজি পুৱা ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজানৰ বেলতোলাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা ৷ অভাৰ লোডিং পাইপ ভৰ্তি WB-63B-1120 নম্বৰৰ এখন বলে'ৰ পিক আপ ভেনৰ সৈতে WB-71A-8604 নম্বৰৰ বিবাহ যাত্ৰী ভৰ্তি আলট্ৰা বাছৰ মাজৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ জানিব পৰা মতে, পশ্চিম বংগৰ পৰা ফকিৰাগ্ৰাম লৈ আহিছিল বিবাহ যাত্ৰীসকল ৷ বিবাহ সম্পন্ন হোৱাৰ পিচত পুৱা পুনৰ পশ্চিম বংগ লৈ উভতি যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হয় বিবাহ যাত্ৰীৰ বাছখন ৷

ধুবুৰী জিলাৰ গৌৰীপুৰত ভয়াৱহ দুৰ্ঘটনা

বিবাহ যাত্ৰীয়ে উল্লেখ কৰা মতে, অতিৰিক্ত পাইপ ভৰ্তি পিক আপ ভেন খন এটা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই বিবাহ যাত্ৰী ভৰ্তি বাছখনৰ ভিতৰলৈ সোমাই যায় ৷ ফলত বাছ খনত প্ৰায় ত্ৰিশ গৰাকী যাত্ৰীৰ ভিতৰত বিশ গৰাকী গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে বিপুল ৰায় নামৰ কনডাক্টৰজন থিতাতে নিহত হয় ৷ আহত বিবাহ যাত্ৰী সকলক ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও প্ৰীতম কৰ নামৰ এটি শিশু নিহত হয় ৷ ইতিমধ্যে চিকিৎসকে সাতজনকৈ আহত বিবাহ যাত্ৰীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে কোচবিহাৰলৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, পিক আপ ভেন খনৰ চালক আৰু হেণ্ডিমেন পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক ঃ মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Intro: ধুবুৰীত বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ। ধুবুৰীৰ বালাজানৰ বেলতোলাত সংঘটিত হোৱা ভয়াৱাহ পথ দুৰ্ঘটনাৰ ফলত শিশু সহ দুজন নিহত হোৱাৰ বিপৰীতে আহত হয় প্ৰায় পোন্ধৰ জনকৈ বিবাহ যাত্ৰী।

Body: ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজানৰ বেলতোলা এলেকাৰ ৰাষ্ট্ৰীয় ঘাই পথত পুৱাই ভয়াৱহ পথ দুৰ্ঘটনা। বিবাহ যাত্ৰীৰ বাহন আৰু অভাৰ লোডিং পাইপ ভৰ্তি WB-63B-1120 নম্বৰৰ এখন বলে'ৰ পিক আপ ভেনৰ সৈতে WB-71A-8604 নম্বৰৰ বিবাহ যাত্ৰী ভৰ্তি আলট্ৰা বাছৰ সৈতে সংঘৰ্ষ হয়। জানিব পৰা মতে, পশ্চিম বংগৰ পৰা ফকিৰাগ্ৰাম লৈ আহিছিল বিবাহ যাত্ৰী। পিছত বিবাহ সম্পন্ন হোৱাৰ পিছত পুৱাই পুণৰ পশ্চিম বংগ লৈ উভতি যোৱাৰ সময়ত দুৰ্ঘটনাগ্ৰস্থ হয় বিবাহ যাত্ৰী বাছ খন। বিবাহ যাত্ৰীয়ে উল্লেখ কৰা মতে, অতিৰিক্ত পাইপ ভৰ্তি পিক আপ ভেন খন এটা সময়ত নিয়ন্ত্ৰণ হেৰুৱায়। পিছত পাইপ সমূহ বিবাহ যাত্ৰী ভৰ্তি বাছ খনৰ ভিতৰলৈ সোমাই যায়। ফলত বাছ খনত প্ৰায় ত্ৰিশ জনকৈ যাত্ৰী আছিল যদিওঁ ইয়াৰে বিশ জনকৈ যাত্ৰী গুৰুতৰ ভাবে আহত হোৱাৰ বিপৰীতে বাছৰ বিপুল ৰায় নামৰ কণ্ট্ৰেক্টৰ থিতাতে নিহত হয়। ইপিনে আহত বিবাহ যাত্ৰী সকলক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিওঁ প্ৰীতম কৰ নামৰ এটি শিশু শেষ নিঃশাস ত্যাগ কৰে। ইপিনে চিকিৎসকে সাতজনকৈ আহত বিবাহ যাত্ৰীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে কোচবিহাৰ লৈ প্ৰেৰণ কৰে। সম্প্ৰতি ধুবুৰী অসামৰিক চিকিৎসালয়ত পাঁচজনকৈ যাত্ৰী চিকিৎসাধীন অৱস্থাত আছে। আনহাতে দুৰ্ঘটনাগ্ৰস্থ পিক আপ ভেন খনৰ চালক হেণ্ডিমেন পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে। ইপিনে অসম চৰকাৰ আৰু আৰক্ষীৰ ভুলৰ বাবেই আজি অসমত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰে পশ্চিম বংগৰ বিবাহ যাত্ৰীয়ে। অৱশ্যে শিশু সহ দুজনকৈ লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে যদিওঁ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

Byte:- বিবাহ যাত্ৰী।

Conclusion: উল্লেখযোগ্য যে, কোচবিহাৰৰ অভিষেক ৰাজবৰ আৰু ফকিৰাগ্ৰামৰ মুছকান ৰাজবৰৰ সৈতে বিবাহ সম্পন্ন হয়। যদিওঁ শুভ বিবাহ সম্পন্ন হোৱাৰ পিছতেই এনে দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে পশ্চিম বংগত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.