ETV Bharat / state

ভূ-মাফিয়াৰ দপদপনিত শান্তি হৰণ হৈছে সৰ্বসাধাৰণৰ - মহকুমাধিপতি

ৰাজ্যৰ ভিন্ন স্থানত চলিছে ভূ-মাফিয়াৰ দপদপনি ৷ ডেৰশ বছৰে ভোগ দখল কৰি থকা লোকৰ ৰায়তি পাট্টা ভুক্ত মাটিত ভূ-মাফিয়াৰ দলৰ লোলুপ দৃষ্টিৰ বাবে হাৰাশাস্তিত ভুগিছে মাটিৰ প্ৰকৃত গৰাকীয়ে ৷

rising-of-land-mafia-activity-in-the-sate-of-assam
ভু-মাফিয়াৰ দপদপনিত শান্তি হৰণ হৈছে সৰ্বসাধাৰণৰ
author img

By

Published : Jun 24, 2021, 11:03 PM IST

পশ্চিম বিলাসীপাৰা, 24 জুন : ৰাজ্যত আৰক্ষী-প্ৰশাসনে আইন ব্যৱস্থা সুকলমে চলি থকাৰ লগতে অপৰাধ নিয়ন্ত্ৰণ কৰাৰ বাবে বদ্ধপৰিকৰ হৈছে ৷ ভূমি বেদখল কিম্বা ভূমি অধিগ্ৰহণৰ বিৰুদ্ধেও সষ্টম হৈ কাম কৰি আছে অসম আৰক্ষীয়ে ৷ কিন্তু, এনে সময়তো নিয়ন্ত্ৰণ হোৱা নাই এচাম অপৰাধীৰ ভূমি সংক্ৰান্তীয় অপৰাধৰ প্ৰৱণতা ৷

শেহতীয়াভাৱে, ধুবুৰীৰ পশ্চিম বিলাসীপাৰাত চলিল ভূ-মাফিয়া(land mafia)ৰ দপদপনি ৷ প্ৰায় ডেৰশ বছৰে ভোগ দখল কৰি থকা ৰায়তি পট্টাভুক্ত মাটিৰ ওপৰত পৰিল ভূ-মাফিয়াৰ লোলুপ দৃষ্টি ৷ বিলাসীপাৰাৰ উদমাৰীত প্ৰাক্তন বিধায়ক প্ৰশান্ত বৰুৱাৰ গুণ্ডাবাহিনীৰ ওপৰত ভূ-মাফিয়াগিৰি কৰি ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ভূ-মাফিয়াৰ দপদপনিত শান্তি হৰণ হৈছে সৰ্বসাধাৰণৰ

জানিব পৰা মতে, অঞ্চলটোৰ পোন্ধৰটা মান পৰিয়ালৰ লোকে বিগত ডেৰশ বছৰ ধৰি ভোগ দখল কৰি আহিছে উল্লেখিত মাটি কেই বিঘা ৷ তাহানিৰ জমিদাৰ বেনীমাধৱ বৰুৱাৰ দিনৰে পৰা মাটি কেই বিঘাৰ বাবে খাজনা পৰিশোধ কৰি আহিছে অঞ্চলটোৰ লোক সকলে ৷ এটা সময়ত ৰায়তি পট্টা ভুক্ত হোৱা লোক সকলৰ মাটি কেই বিঘাত শেহতীয়াকৈ বেদখল কৰাত উঠিপৰি লাগিছে ভূ-মাফিয়াৰ দল ৷

এই ক্ষেত্ৰত প্ৰাক্তন বিধায়ক প্ৰশান্ত বৰুৱাৰ গুণ্ডা বাহিনী তথা ভূ-মাফিয়াৰ দলটোই ভুৱা নথি-পত্ৰ বনাই বিলাসীপাৰা আৰক্ষীৰ একাংশৰ সৈতে গোপন মিতিৰালি কৰাৰ অভিযোগ উত্থাপিত কৰিছে একাংশই ৷ ঘটনা সন্দৰ্ভত, উপায়হীন হৈ পৰা দুৰ্ভগীয়া লোক সকলে চক্ৰ বিষয়া, মহকুমাধিপতিক লিখিত অভিযোগ কৰিও সুফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৷ সমুদায় ঘটনা সন্দৰ্ভত বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষৰ লগতে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে দুৰ্ভগীয়া লোক সকলে ৷

লগতে পঢ়ক : বহিঃৰাজ্যৰ চালক-হেণ্ডিমেনক সহায়ৰ হাত আছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.