পশ্চিম বিলাসীপাৰা, ৬ আগষ্ট: বৃহস্পতিবাৰে বিলাসীপাৰাৰ হৰলটাৰীত এক শোকাৱহ ঘটনা সংঘটিত হয় । বিদ্যুতৰ খুঁটাত উঠি কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে বিপুল নাথ নামৰ শক্তি বিভাগৰ এগৰাকী অস্থায়ী কৰ্মচাৰীয়ে । এই ঘটনাৰ পিছতে বিলাসীপাৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ ফলতে এই শোকাৱহ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে বিভন্ন সংগঠনে ।
বৃহস্পতিবাৰে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমছুৰ বিলাসীপাৰা সমিতিৰ নেতাই বিপুল নাথৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনায় । লগতে বিপুল নাথৰ পৰিয়ালৰ এগৰাকী সদস্যক চৰকাৰী চাকৰি দিয়াৰ দাবী উত্থাপন কৰিছে আমছুৰ নেতৃত্বই । আনহাতে, ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিলাসীপাৰা উপ-সংমণ্ডলৰ অধীনত সঘনাই ঘটি থকা এনে ঘটনা সন্দৰ্ভত বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । লগতে বিপুল নাথৰ পৰিয়ালক ১০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায় ।
জানিব পৰা মতে, বিলাসীপাৰা হৰলটাৰীত বিজুতিৰ বাবে বুধবাৰৰ পৰা বিদ্যুৎ সংযোগ ব্যাহত হৈ আছিল । বৃহস্পতিবাৰে বিলাসীপাৰা উপ-সংমণ্ডলৰ বিষয়াৰ নেতৃত্বত বিভাগটোৰ কেইগৰাকীমান কৰ্মচাৰী উক্ত স্থানলৈ গৈছিল ।
বিপুল নাথে বিদ্যুতৰ খুঁটাত উঠি ক'ত বিজুতি ঘটিছে সেয়া পৰীক্ষা কৰি থকা সময়তে বিদ্যুৎস্পৃষ্ট হয় । সংকটজনক অৱস্থাত তেওঁক বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । এই ঘটনাৰ বাবে এতিয়া সকলোৱে শক্তি বিভাগকে দোষাৰোপ কৰিছে । একাংশ সংগঠনে অভিযোগ তুলিছে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে পূৰ্বেও বিলাসীপাৰাত এনে ঘটনা সংঘটিত হৈছে ।
লগতে পঢ়ক:আমাক সংস্থাপন দিয়ক, নহ’লে গুলিয়াই মাৰক : গৌৰীপুৰত কান্দোনৰ ৰোল