ধুবুৰী,২০ ছেপ্টেম্বৰ: "হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰৰ দাঁত দুটা, খোৱা দাঁত এটা দেখুওৱা দাঁত এটা । ৰাইজক দেখুওৱা দাঁত হৈছে অসম গণ পৰিষদ আৰু ইউ পি পি এল আৰু নেদেখুওৱাকৈ দাঁত হৈছে এ আই ইউ ডি এফ । সেই কথা বিভিন্ন সময়ত মূখ্যমন্ত্ৰীৰ কথাতে স্পষ্ট হৈছে ।" বুধবাৰে ধুবুৰী ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এখন পৰ্যালোচনা সভাত অংশ লৈ এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।
কংগ্ৰেছী বিধায়কগৰাকীয়ে সাংসদ বদৰুদ্দিন আজমলকো সমালোচনা কৰি কয় যে এইবাৰ লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলক ৰাইজে বিদায় দিব । আজমলে কংগ্ৰেছৰ ছাঁ টোকে বাঘ হিচাপে দেখিছে । ৰাইজক অপমান কৰিছে আজমলে । ৰাইজে এতিয়া বুজিছে বি জে পিয়ে চৰকাৰ গঠন কৰাত আজমলে সহায় কৰি আহিছে । লগতে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতেই আজমলে দলীয় প্ৰাৰ্থীক টিকট প্ৰদান কৰি আহিছে বুলিও সমালোচনা কৰে আজমলক ।
ইপিনে কংগ্ৰেছৰ নেতৃত্বত দেশত গঠন হোৱা মহাজোঁটৰ I.N.D.I.Aক দেখি বিজেপি এতিয়া ভয় খাইছে বুলি হুছেইনে মন্তব্য কৰি লগতে তেওঁ কয় যে কংগ্ৰেছৰ নেতৃত্বত INDIA ই চৰকাৰ গঠন কৰিব আৰু ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব । লগতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছৰ পক্ষে এক জোৱাৰ উঠিছে বুলি কৈ পৰবৰ্তী সময়ত I.N.D.I.Aই বি জে পি ৰ বিৰুদ্ধে শক্তিশালী ভুমিকা গ্ৰহণ কৰিছে যাৰ বাবে বি জে পি আৰু মিত্ৰদলসমূহ ভয়ত কম্পমান হৈছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ।
আনপিনে শাসক পক্ষই কংগ্ৰেছক বিভিন্ন প্ৰকাৰে সমালোচনা কৰাৰ প্ৰসংগত ৰকিবুল হুছেইনে কয় যে কংগ্ৰেছে ব্ৰিটিছক ভয় নকৰিলে, আলফাক ভয় নকৰিলে, কংগ্ৰেছ সদায় ৰাইজৰ পক্ষত । উল্লেখ্য যে, ৰাজ্যত শাসক বিৰোধী বিভিন্ন ৰাজনৈতিক দলৰ লগতে কংগ্ৰেছে আৰম্ভ কৰিছে প্ৰাক নিৰ্বাচনী তৎপৰতা । কংগ্ৰেছৰ বিধায়ক নথকা সমষ্টিবোৰত কংগ্ৰেছে আৰম্ভ কৰিছে জনসভা ।
লগতে পঢ়ক: Workshop of Small Tea Growers:ডিব্ৰুগড়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালা