পূৱ বিলাসীপাৰা, 26 ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ ৷ হুছেইনে কয়, হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক পণ্ডিত তথা ৰাজনৈতিক বতৰ বিজ্ঞানী ৷ কংগ্ৰেছৰ নেতৃত্বত এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই জানে, সেয়েহে আধাতে পলাইছে ৷
পূৱ বিলাসীপাৰাৰ চাপৰত অসম বচাওঁ আহক কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্য উপস্থিত হৈ এনেদৰে মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ৰকিবুল হুছেইনে ৷ চাপৰত ৰকিবুল হুছেইনক বিশাল বাইক ৰেলীৰে উষ্ম আদৰণি জনাই চাপৰ-শালকোচা ব্লক কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছে ৷ পিছত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে স্কুটীত চলাই বহলপুৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিলাসীপাৰা অভিমুখে যাত্ৰা কৰে ৷
তেওঁক এই যাত্ৰাত সংগ দিয়ে বিধায়ক ওৱাজে আলী চৌধুৰী, যুৱ কংগ্ৰেছী নেতা তথা বিলাসীপাৰা পূৱ সমষ্টিৰ কংগ্ৰেছ দলৰ টিকেট প্ৰত্যাক্ষী নুৰ ছফিকুল ওৱাজিদ, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰয়াত আনোৱাৰ হুছেইনৰ পুত্ৰ তথা বিলাসীপাৰা পূৱ সমষ্টিৰ কংগ্ৰেছ দলৰ টিকেট প্ৰত্যাক্ষী আশিক ইফতিকাৰ হুছেইনকে ধৰি ভালে সংখ্যক নেতাৰ লগতে হাজাৰ হাজাৰ কৰ্মীয়ে ৷
লগতে পঢ়ক : আজি পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা