ETV Bharat / state

গৌৰীপুৰৰ ৰাজবাৰীত প্ৰতিমা বিসৰ্জন - প্ৰতিমা বিসৰ্জন

ৰাজ্যজুৰি আৰম্ভ হৈছে দেৱী বিসৰ্জনৰ কাৰ্যসূচী ৷ চাৰিশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ধুবুৰীৰ গৌৰীপুৰৰ ৰাজবাৰীত প্ৰতিমা বিসৰ্জন অনুষ্ঠিত হৈ যায় ৷

Rajbari Durga Pratima bisorjon gouripur dhubri assam etv bharat news
ৰাজবাৰীত প্ৰতিমা বিসৰ্জন
author img

By

Published : Oct 26, 2020, 3:29 PM IST

ধুবুৰী,26 অক্টোবৰ: প্ৰায় 400 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ধুবুৰীৰ গৌৰীপুৰৰ ৰাজবাৰীত সম্পন্ন হৈ যায় প্ৰতিমা বিসৰ্জনৰ কাৰ্যসূচী ৷ গৌৰীপুৰৰ গদাধৰ নৈত কুঁহিলাৰে নিৰ্মিত প্ৰতিমা বিসৰ্জন দিয়াৰ পিছতে এই কাৰ্যসূচীৰ অন্ত পৰে ৷ ঐতিহাসিক ৰজাঘৰীয়া মহামায়া মন্দিৰত অনুষ্ঠিত হৈছিল উক্ত দুৰ্গা পূজা ৷

ৰাজবাৰীত প্ৰতিমা বিসৰ্জন

সোমবাৰে পুৱা মহামায়া মন্দিৰৰ পৰা এক শোভাযাত্ৰা বাহিৰ কৰি গদাধৰ নৈৰ পাৰত দেৱীক নাওত উঠাই ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ সংগমস্থলীত বিসৰ্জন দিয়া হয় ৷ উল্লেখ্য যে,ৰজা কবিশেখৰৰ দিনৰ পৰাই এনেদৰে গৌৰীপুৰৰ ৰজাঘৰীয়াই নীতি-নিয়ম মানি চলি পালন কৰি আহিছে শাৰদীয় দুৰ্গোৎসৱ ৷ লগতে ৰক্ষা কৰি আহিছে ৰজাদিনীয়া পৰম্পৰা ৷

লগতে চাওকঃ তেজপুৰ জাহাজঘাটত দেৱী বিসৰ্জনৰ কাৰ্যসূচী আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.