বিলাসীপাৰা, 7 ছেপ্টেম্বৰ : বিলাসীপাৰাত ৰে’ল পথ অৱৰোধকলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নিউ মইনাগুৰিৰ পৰা যোগীঘোপাৰ নতুন ৰে’ল পথত নিউ কোচবিহাৰ পৰা অভয়াপুৰী অংশত যাত্ৰীবাহী ৰে’ল চলাচলৰ দাবীত বৃহস্পতিবাৰে বিলাসীপাৰাৰ বিভিন্ন দল-সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰতিবাদকাৰী সকলে বিলাসীপাৰা ৰে’ল ষ্টেচনত একত্ৰিত হৈ ৰে’লপথ অৱৰোধৰ কাৰ্যসূচী হাতত লয় । পিছে এই কাৰ্যসূচীৰ উমান পাই ৰে’ল ষ্টেচনটোত আৰক্ষী, চি. আৰ. পি. এফ আৰু ৰে’ল আৰক্ষীয়ে ষ্টেচনৰ মুলদ্বাৰত বেৰিকেড লগায় । ইয়াৰ পিচতেই প্ৰতিবাদকাৰী আৰু আৰক্ষী, চি. আৰ. পি. এফ আৰু ৰে’ল আৰক্ষীৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
উল্লেখ্য যে, বিলাসীপাৰাবাসী ৰাইজ, জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন দল সংগঠনৰ প্ৰবল দাবীত নিউ মইনাগুৰিৰ পৰা যোগীঘোপালৈ ৰে’ল লাইন সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ হয় । কিন্তু প্ৰায় দুবছৰ ধৰি উক্ত পথছোৱাৰে কেৱল মালবাহী ৰে’ল গাড়ীৰহে চলাচল হৈ আহিছে ।
বিভিন্ন সময়ত পথছোৱাৰে যাত্ৰীবাহী ৰে’ল চলোৱাৰ দাবী উত্থাপন হৈ অহাৰ পিচতো বিভাগে এই সন্দৰ্ভত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই । উপায়ন্তৰ হৈ আজি ষ্টেচনৰ প্ৰাংগণত প্ৰতিবাদকাৰী সকলে একত্ৰিত হৈ এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । পিচত প্ৰতিবাদকাৰীসকলে ৰে’লপথ অৱৰোধ কৰিবলৈ আগবাঢ়ে যদিও প্ৰশাসনে বাধা দিয়ে ।
পিচত প্ৰতিবাদকাৰীয়ে বিভাগটোৰ শীৰ্ষ বিষয়াক যাত্ৰীবাহী ৰে’ল চলোৱাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ইয়াৰ পিচতো যাত্ৰীবাহী ৰে’ল চলাচল নহ’লে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক : AAMSU Protest:বিলাসীপাৰাত আমছুৰ অৰ্ধ উলংগ প্ৰতিবাদ