ETV Bharat / state

দেশজুৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু ধুবুৰীৰ ৰাহুল পাৰেক - চিত্ৰশিল্পী

অধ্যয়নৰত অৱস্থাতেই ৰাহুল পাৰেক এতিয়া দেশজুৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কাৰণ ৰাহুলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সুধাকণ্ঠ ভূপেন হাজৰিকা,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,অভিনেতা অক্ষয় কুমাৰ,ক্ৰিকেটাৰ বিৰাট কোহলিকে আদি কৰি বিভিন্নজন জনপ্ৰিয় ব্যক্তি ৷

Rahul Parek of Dhubri is now the center of attraction of the country
দেশজুৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু ধুবুৰীৰ ৰাহুল পাৰেক
author img

By

Published : Jun 12, 2020, 10:32 PM IST

ধুবুৰী,12 জুনঃ ইণ্ডিয়া বুক অফ ৰেক'ৰ্ডছ আৰু এছিয়া বুক অফ ৰেক'ৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা ধুবুৰীৰ এগৰাকী বিশেষ চিত্ৰশিল্পী ৷ নাম ৰাহুল পাৰেক ৷ ধুবুৰী চহৰৰ 7 নম্বৰ ৱাৰ্ডৰ ভাড়া ঘৰত থকা তেজা পাৰেক আৰু সংগীতা পাৰেকৰ পুত্ৰ ৰাহুল পাৰেক ৷ মেধা সম্পন্ন ছাত্ৰ ৰাহুল পাৰেক গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰ ৷

Rahul Parek of Dhubri is now the center of attraction of the country
দেশজুৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু ধুবুৰীৰ ৰাহুল পাৰেক

কিন্তু অধ্যয়নৰত অৱস্থাতেই ৰাহুল পাৰেক এতিয়া দেশজুৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কাৰণ ৰাহুলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সুধাকণ্ঠ ভূপেন হাজৰিকা,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অভিনেতা অক্ষয় কুমাৰ,ক্ৰিকেটাৰ বিৰাট কোহলিকে আদি কৰি বিভিন্নজন জনপ্ৰিয় ব্যক্তি ৷

মেধা সম্পন্ন ছাত্ৰ ৰাহুলে কম্পিউটাৰৰ ডেস্কবোৰ্ডৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এখন চিত্ৰ অংকণ কৰি মুখ্যমন্ত্ৰীগৰাকীক উপহাৰ দি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷ তাৰ পিছৰে পৰা আৰম্ভ হ'ল ৰাহুলৰ যাত্ৰা ৷ মোবাইলৰ পেলনীয়া সমগ্ৰীৰে ক্ৰিকেটাৰ বিৰাট কোহলি আৰু বলিউডৰ চুপাৰ ষ্টাৰ অক্ষয় কুমাৰৰ আকৰ্ষণীয় ছবি অংকণ কৰে ৰাহুলে ৷ ফলত খেল জগত আৰু বলিউড জগতৰ পৰাও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৰাহুলে।

কিন্তু ইয়াতেই ক্ষেন্ত হোৱা নাই ৰাহুলৰ প্ৰচেষ্টা । লক ডাউনৰ সময়ত ৰাহুলৰ আন এক চমক। লক ডাউনৰ সময়ত ঘৰত আবদ্ধ হৈ থাকি সময় নষ্ট নকৰি অংকণ কৰিলে দেশৰ ভিতৰত সৰ্ববৃহৎ এখন ছবি ৷ ২০ ফুট দৈৰ্ঘ্য আৰু ১৪ ফুল বহল আকাৰৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ছবি অংকণ কৰিলে কয়লাৰ ৰঙেৰে ৷ যি খন ছবিয়ে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া সকলোৰে।ৰাহুলৰ এই কাৰ্যই উৎফুল্লিত কৰি তুলিছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অনুৰাগী পিতৃ-মাতৃকো

ইণ্ডিয়া বুক অফ ৰেক'ৰ্ডছ আৰু এছিয়া বুক অফ ৰেক'ৰ্ডছৰ পিছত এইগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পী ৰাহুল পাৰেকৰ সপোন গ্রিনিজ বুক অফ ৰেক'ৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰা।

লগতে পঢ়কঃ ৰঙিয়াত ছাত্ৰনেতাই সাজি দিলে অসহায় বৃদ্ধাৰ গৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.