ধুবুৰী,28 মে' : ৰাজ্যজুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰৱস্থাৰ ফলত জ্বলাকলা খাবলগীয়া হৈছে যাত্ৰীসকলৰ লগতে যান-বাহন চালকসকলেও । ঘাইপথৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। তাৰ মাজেদিয়েই চলিছে দৈনিক হাজাৰ হাজাৰ যান বাহন ।
পুখুৰীৰ ওপৰেদি চলিছে গাড়ী ! কেনেকৈ? - ৰাষ্ট্ৰীয় ঘাইপথ
যেনিয়েই চাই তেনিয়েই প্ৰকাণ্ড গাঁত, ৰাষ্ট্ৰীয় ঘাইপথ নে পুখুৰী ধৰিবকে নোৱাৰি
ৰাষ্ট্ৰীয় ঘাই পথৰ বিধ্বস্ত ৰূপ
ধুবুৰী,28 মে' : ৰাজ্যজুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰৱস্থাৰ ফলত জ্বলাকলা খাবলগীয়া হৈছে যাত্ৰীসকলৰ লগতে যান-বাহন চালকসকলেও । ঘাইপথৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। তাৰ মাজেদিয়েই চলিছে দৈনিক হাজাৰ হাজাৰ যান বাহন ।
Intro: ধুবুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ মেৰামতিৰ চলিছে অতি লেহেমীয়া গতিত। যাৰ ফলত সৰ্ব সাধাৰণ ৰাইজৰ লগতে যান বাহন চালক সকলে জ্বলাকলা খাব লগীয়া হৈছে। ঘাই পথৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাত। তাৰ মাজেদিয়েই চলিছে দৈনিক হাজাৰ হাজাৰ যান বাহন।
Body:
হয়, ধুবুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বিধ্বস্ত অৱস্থাই জ্বলাকলা খুৱাইছে সৰ্ব সাধাৰণ ৰাইজৰ লগতে যান বাহন চালক সকলক। ধুবুৰীৰ চাপৰৰ পৰা অসম বংগ সীমান্ত লৈ ঘাই পথৰ মেৰামতিৰ কাম চলি আছে যদিওঁ অতি লেহেমীয়া গতিত চলিছে মেৰামতিৰ কাম। মেৰামতিৰ ঠিকা লাভ কৰা Gautom Construction নামৰ সংস্থাটোৱে বিগত ডেৰ বছৰ মান পূৰ্বে মেৰামতিৰ কাম আৰম্ভ কৰিছে যদিওঁ এতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই। ধুবুৰীৰ বিলাসিপাৰা চাপৰৰ পৰা অসম বংগ সীমান্ত লৈ ঠায়ে ঠায়ে এইদৰে দ খাৱৈৰ সৃষ্টি হৈ থকাৰ ফলত বিপদ সংকুল ভাবে চলাচল কৰিছে যান বাহন। দৈনিক প্ৰায় সহস্ৰাধিক যান বাহন এইদৰে বিপদ সংকুল ঘাই পথেৰেই যাতায়ত কৰিছে যদিওঁ ইয়াৰ প্ৰতি গুৰুত্ব নাই কামৰ ঠিকা লাভ কৰা সংস্থাটোৰ লগতে ৰাজ্যৰ বিয়াগোম গড়কপ্তানী বিভাগ। নিজৰ ইচ্ছা মতেই লেহেমীয়া গতিৰে ঘাই পথ মেৰামতিৰ কাম চলাই নিয়াৰ পিছতো নীৰৱ বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰ। চৰকাৰ আৰু বিভাগীয়ৰ নীৰৱতাৰ সুযোগ গ্ৰহণ কৰি নাম মাত্ৰ মেৰামতিৰ কাম কৰিয়েই কোটি টকা আত্মসতৰ ফন্দী কৰিছে নেকি কামৰ ঠিকা লাভ কৰা সংস্থাটোৱে।
Conclusion: লক্ষণীয় বিষয় যে, এনেবোৰ প্ৰশ্ন উত্থাপন হলেও বিষয়টোলৈ নীৰৱ বিভাগীয় কৰ্তৃপক্ষ। উল্লেখযোগ্য যে, কামৰ ঠিকা লাভ কৰা Gautom Construction নামৰ সংস্থাটো হৈছে ধুবুৰীৰ বিলাসিপাৰা পূব বিধান সভা সমষ্টিৰ শাসক দলৰ বিধায়ক অশোক কুমাৰ শিংহীৰ আত্মীয়ৰ। যাৰ বাবেই লেহেমীয়া গতিত ঘাই মেৰামতিৰ কাম চলি থাকিলেও বিভাগীয় কৰ্তৃপক্ষই কামৰ ঠিকা লাভ কৰা সংস্থাটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।