ETV Bharat / state

ধুবুৰীৰ আলমগঞ্জত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 13, 2021, 1:48 PM IST

ধুবুৰীৰ হাজাৰীঝৰনাত উত্তপ্ত পৰিস্থিতি । 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ । ভূমিহীন পৰিয়ালক সংস্থাপন দিয়াৰ দাবীত গাঁওবাসীৰ এই উত্তাল প্ৰতিবাদ ।

ধুবুৰীৰ আলমগঞ্জত উত্তপ্ত পৰিস্থিতি
ধুবুৰীৰ আলমগঞ্জত উত্তপ্ত পৰিস্থিতি

ধুবুৰী, 13 আগষ্ট: ধুবুৰীৰ হাজাৰীঝৰনাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । 17 নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । প্ৰতিবাদী ৰাইজক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ লাঠীচালনা । ভূমিহীন পৰিয়ালক সংস্থাপন দিয়াৰ দাবীত গাঁওবাসীৰ এই উত্তাল প্ৰতিবাদ । সংস্থাপন বিচাৰি বিগত কিছু দিনৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে গাঁওবাসীয়ে ।

তাৰ মাজতে শুকুৰবাৰে গাঁওখনৰ সহস্ৰাধিক ৰাইজে 17 নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰাৰ চেষ্টা চলায় । অৱশ্যে আৰক্ষী আৰু প্ৰশাসনিক বিষয়াই এই কাৰ্যত বাধা প্ৰদান কৰে । পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি থকাৰ সময়তে একাংশ ৰাইজে বন জংঘলৰ মাজেৰে গৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে ।

ধুবুৰীৰ আলমগঞ্জত উত্তপ্ত পৰিস্থিতি

এটা সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচলনা কৰে ।

উল্লেখ্য যে, 1965 চনৰ পৰা খহনীয়াগ্ৰস্থ তিনি শতাধিক ভূমিহীন পৰিয়ালে হাজাৰীঝৰনা গাঁৱত বসতি স্থাপন কৰি আহিছিল । কিন্তু গাঁওখনৰ প্ৰায় 212 বিঘা মাটি বি এছ এফ (BSF)ক হস্তন্তৰ কৰাৰ পিছতেই হাহাকাৰৰ সৃষ্টি হয় গাঁওবাসীৰ মাজত । বৃহস্পতিবাৰে প্ৰতিবাদকাৰী ৰাইজে আমছু, এ বি আমছু, মিঞা পৰিষদ, অসম সেনা আদি বিভিন্ন সংগঠনৰ সহযোগত জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

স্মাৰক পত্ৰখনৰ জৰিয়তে গাওঁবাসীয়ে ভূমিহীন পৰিয়ালসমূহক সংস্থাপন দিয়াৰ বাবে দাবী জনায় । ইপিনে ৰাইজৰ প্ৰবল দাবীৰ ভিত্তিত বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সৈতে আলোচনা কৰি গাঁওবাসীৰ সংস্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে জিলা প্ৰশাসনিক বিষয়াই ।

লগতে পঢ়ক:পুনৰ বহিঃৰাজ্যত সন্ধানহীন হৈছে অসমৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.