ETV Bharat / state

বিলাসীপাৰাৰ ৰৌশনাৰা বেগমৰ বিৰুদ্ধে ক্ষোভ কিয় ৰাইজৰ ? - প্ৰতিনিধি ৰৌশনাৰা বেগমৰ বিৰুদ্ধে ক্ষোভ বিলাসীপাৰাবাসীৰ

এটা বোকাময় পথে জলাকলা খুৱাইছে বিলাসীপাৰাৰ শ-শ পথচাৰীক ৷ যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগি অহা ৰাইজে অৱশেষত সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ পথটোৰ ওপৰত ধানৰ কঠিয়া ৰোৱাৰ লগতে জিলা পৰিষদৰ প্ৰতিনিধি ৰৌশনাৰা বেগমৰ প্ৰতিকৃতি দাহ কৰে ক্ষোভিত ৰাইজে ৷

Protest Against ZPC Members at Bilasipara
প্ৰতিনিধি ৰৌশনাৰা বেগমৰ বিৰুদ্ধে ক্ষোভ বিলাসীপাৰাবাসীৰ
author img

By

Published : Sep 10, 2020, 6:54 PM IST

বিলাসীপাৰা, 10 ছেপ্তেম্বৰ: বিলাসীপাৰাৰ বাঘমাৰী বজাৰৰ পৰা বান্ধ অঞ্চলৰ জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে শ-শ পথচাৰীক ৷ মেৰামতিৰ অভাৱত যাতায়তৰ অনুপযোগী হৈ পৰিছে সদাব্যস্ত পথটো ৷ কিন্তু ইয়াৰ পিছতো পথটো মেৰামতিৰ ক্ষেত্ৰত আহৰি পোৱা নাই কোনো এগৰাকী জন প্ৰতিনিধিয়ে ৷ যাৰ বাবে বুধবাৰে ক্ষোভিত হৈ পৰে অঞ্চলটোৰ শতাধিক পুৰুষ-মহিলা ৷

প্ৰতিনিধি ৰৌশনাৰা বেগমৰ বিৰুদ্ধে ক্ষোভ বিলাসীপাৰাবাসীৰ

উল্লেখ্য যে,যোৱা 2018 চনত হোৱা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পথচোৱা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনী বৈতৰণী পাৰ হৈছিল ধুবুৰী জিলা পৰিষদৰ সদস্যা ৰৌশনাৰা বেগম ৷ আনন্দ নগৰ বাঙালীপাৰা জিলা পৰিষদৰ AIUDF দলৰ ৰৌশনাৰা বেগমে নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতি বিগত দুটা বছৰে পালন নকৰাত এইদৰে ক্ষোভিত হৈ পৰে ৰাইজ ৷

সদস্যাগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ৷ AIUDF দলৰ জিলা পৰিষদৰ সদস্যা ৰৌশনাৰা বেগমে দলটোৰ কেন্দ্ৰীয় মহিলা মৰ্চাৰ উপ সভানেত্ৰীৰ পদো অলংকৃত কৰি আহিছে ৷ কিন্তু বিগত দুটা বছৰে ৰাইজৰ প্ৰতি মন কাণ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী নেত্ৰীৰ বিৰুদ্ধে ৷

আনহাতে আকৌ কংগ্ৰেছ-AIUDF মিত্ৰ দলৰ পৰা পূব বিলাসীপাৰা বিধানসভা সমষ্টিৰ পৰা বিধায়ক পদৰ বাবে নিৰ্বাচনৰ কুচকাৱাজ চলাইছে বুলিও জানিব পৰা গৈছে ৷ কিন্তু প্ৰতিবাদ মুখৰ হৈ পৰা ৰাইজৰ মন্তব্য,এইগৰাকী অকৰ্মন্য নেত্ৰী ৰৌশনাৰা বেগমক মিত্ৰ জোঁটে বিধায়কৰ টিকট দিলে মুকলি প্ৰতিবাদ সাব্যস্ত কৰিব লগতে বেগমৰ বিৰুদ্ধে তীব্ৰ আন্দোলনত নামি পৰিব বুলিও সকীয়াই দিয়ে ৷

উল্লেখ্য যে, পূৱ বিলাসীপাৰা সমষ্টিত কংগ্ৰেছ-AIUDF মিত্ৰ দলৰ পৰা টিকট যদি AIUDF ক দিয়ে তেন্তে নিশ্চিত ভাৱে হাৰিব লাগিব বুলি মন্তব্য কৰে সমষ্টিবাসীৰ ৰাইজে ।

লগতে চাওক-পথৰ দুৰৱস্থাৰ বাবে নৰক যন্ত্ৰণাৰ সন্মুখীন উত্তৰ অভয়াপুৰীবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.