ETV Bharat / state

কৃষি আইনৰ বিৰুদ্ধে ধুবুৰীত আইন অমান্য আন্দোলন - as10041

ধুবুৰী জিলাৰ ভিন্ন স্থানত বিভিন্ন সংগঠনৰ যৌথ উদ্যোগত আইন অমান্য আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । ধুবুৰী ৰেলৱে ষ্টেচনৰ সমীপৰ ষ্টেচন ৰোডত আইন অমান্য আন্দোলনৰ প্ৰায় শতাধিক আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰে জিলা আৰক্ষী প্ৰশাসনে ।

কৃষি আইনৰ বিৰুদ্ধে ধুবুৰীত আইন অমান্য আন্দোলন

author img

By

Published : Jan 7, 2021, 2:47 PM IST

ধুবুৰী , ৭ জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ লগতে বিদ্যুৎ আইনৰ বিৰুদ্ধে দিল্লীত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ । তেনে সময়তে বৃহস্পতিবাৰে ধুবুৰী জিলাৰ ভিন্ন স্থানত বিভিন্ন সংগঠনৰ যৌথ উদ্যোগত আইন অমান্য আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । ধুবুৰী জিলাৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী চহৰত নিখিল ভাৰত কৃষক সভা আৰু এআইএমএচএচ, চি আই টি ইউ, কৃষক মুক্তি সংগ্ৰাম সমিতি আদিকে ধৰি কেইবাটাও সংগঠনৰ যৌথ উদ্যোগত বিভিন্ন শ্লোগানেৰে বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ।

ধুবুৰীত আইন অমান্য আন্দোলন
ধুবুৰীত আইন অমান্য আন্দোলন

উল্লেখ্য যে, এনে প্ৰতিবাদৰ পিছতো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে সংগঠনসমূহে । ইফালে ধুবুৰী ৰেলৱে ষ্টেচনৰ সমীপৰ ষ্টেচন ৰোডত এই আইন অমান্য আন্দোলনৰ প্ৰায় শতাধিক আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰে জিলা আৰক্ষী প্ৰশাসনে । অৱশ্যে গ্ৰেপ্তাৰৰ কিছু সময় পিছতেই আটাইকেইজন প্ৰতিবাদকাৰীক জামিনত মুকলি কৰি দিয়া হয় ।

লগতে পঢ়ক : কংক্রিটৰ মহানগৰীত ভোগালীৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.