ETV Bharat / state

শিলাদিত্য দেৱ বাংলাদেশৰ আঢ্যৱন্ত হিন্দু !

author img

By

Published : Aug 14, 2020, 6:47 PM IST

হোজাইৰ বিধায়ক শিলাদিত্য দেৱ এগৰাকী বাংলাদেশৰ আঢ্যৱন্ত হিন্দু ৷ তেওঁ বাংলাদেশী হিন্দু হৈ অসমত অতি হিন্দু দেখুৱাই খিলঞ্জীয়া ভূমিপুত্ৰৰ বিৰুদ্ধে মাত মাতিলে পৰিস্থিতি ভয়াৱহ হ'ব ৷ এই মন্তব্য দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ ৷

Press Meet, All assam deshi orgainzation, Reaction On MLA Siladitya Dev
বিধায়ক শিলাদিত্য দেৱ বাংলাদেশৰ আঢ্যবন্ত হিন্দুঃ সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ

ধুবুৰী, 14 আগষ্ট : হোজাইৰ বিধায়ক শিলাদিত্য দেৱ এগৰাকী বাংলাদেশৰ আঢ্যৱন্ত হিন্দু ৷ তেওঁ বাংলাদেশী হিন্দু হৈ অসমত অতি হিন্দু দেখুৱাই খিলঞ্জীয়া ভূমিপুত্ৰৰ বিৰুদ্ধে মাত মাতিলে পৰিস্থিতি ভয়াৱহ হ'ব। এই সকীয়নি সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ ৷ সংগঠনটোৱে এক সংবাদমেল যোগে এই অভিযোগ প্ৰদান কৰিছে বিধায়ক গৰাকীৰ বিৰুদ্ধে ৷

অভিযোগ অনুসৰি, শাসকীয় দলৰ বিধায়ক শিলাদিত্য দেৱে পদ্মশ্ৰী বঁটা প্ৰাপ্ত প্ৰয়াত সাহিত্যিক চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ পিচতেই সমগ্ৰ অসমত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ । বিভিন্ন আৰক্ষী থানাত বিধায়ক গৰাকীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ । এনে সময়তে শুকুৰবাৰে বিতৰ্কিত বিজেপি বিধায়ক গৰাকীক উভতি ধৰিলে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসম নামৰ সংগঠনটোৱে ।

সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি এ এম এনামূল হকে ধুবুৰী জিলা বার্তাজীৱী সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদমেলত হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্যক উভতি ধৰি শিলাদিত্য দেৱক প্ৰকৃতাৰ্থত বাংলাদেশী আখ্যা দিয়াৰ অভিযোগ সংগঠনটোৰ ।

ইয়াৰ উপৰিও, দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি গৰাকীৰ অভিযোগ অনুসৰি, বাংলাদেশৰ মুক্তিযোদ্ধাৰ সময়ত বাংলাদেশৰ আঢ্যৱন্ত হিন্দু লোক সকলে পাকিস্তানৰ ৰাজাকাৰ বাহিনীক সহায় কৰিছিল । যাৰ ফলত বাংলাদেশত থাকিব নোৱাৰা হৈছিল বাংলাদেশৰ আঢ্যৱন্ত হিন্দু সকলে । পৰৱৰ্তী সময়ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশৰ পৰা পলাই আহি অসমত আশ্ৰয় লৈছিল সেই সকল হিন্দু বাংলাদেশীয়ে । বিধায়ক শিলাদিত্য সেই সকল আঢ্যৱন্ত হিন্দু পৰিয়ালৰ এজন বুলিও সংবাদমেলত উল্লেখ কৰে সংগঠনটোৱে ৷

ইফালে, বাংলাদেশৰ পৰা অসমত আহি অতি হিন্দুত্ববাদী দেখুৱাই অহাৰ বাবেই অসমৰ খিলঞ্জীয়া ভূমি পুত্ৰক অপমান কৰাৰ তেওঁ সাহস কত পাইছে বুলিও বিধায়ক গৰাকীক প্ৰশ্ন কৰে সংগঠনটোৱে । লগতে পৰৱৰ্তী সময়ত খিলঞ্জীয়া ভূমিপুত্ৰক লৈ অপমানসূচক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ শিলাদিত্য দেৱক কঠোৰ সকিয়নী প্ৰদান কৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি এনামূল হকে ।

লগতে পঢ়ক : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওদালগুৰিত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.