ধুবুৰী, 27 ডিচেম্বৰ: আজি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ অষ্টাদশ মৃত্যু বাৰ্ষিকী ৷ দীৰ্ঘদিনৰ পৰা ধুবুৰী জিলা তথা গৌৰীপুৰৰ বিভিন্ন দল সংগঠনে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপনৰ বাবে দাবী জনাই আহিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় বিধায়ক নিজানুৰ ৰহমানে কেইবছৰমান পূৰ্বে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ৷ সেই মৰ্মে অসম চৰকাৰে 25 লাখ টকা আৱণ্টনেৰে গৌৰীপুৰৰ মাটিয়াবাগৰ সমীপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰে প্ৰতিমা বৰুৱা পাণ্ডেৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি ৷
শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতে দেওবাৰে শুভ উদ্বোধন কৰা হয় প্ৰতিমা বৰুৱা পাণ্ডেৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিটো ৷ ৰাজ পৰিয়ালৰ সদস্য তথা প্ৰতিমা বৰুৱা পাণ্ডেৰ ভাতৃ প্ৰবীৰ বৰুৱাৰ উপস্থিতিত স্থানীয় বিধায়ক নিজানুৰ ৰহমানে উদ্বোধন কৰে মূৰ্তিটো ৷ প্ৰতিমূৰ্তিটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে ৷ সমান্তৰালকৈ দীৰ্ঘ দিনীয়া সপোন বাস্তৱায়িত হোৱাৰ পাচত আনন্দিত হৈ পৰা ৰাজ পৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ধন্যবাদ জ্ঞাপন কৰে চৰকাৰক ৷
লগতে পঢ়ক: অমৰ প্ৰেম : স্বামীৰ মৃত্যুৰ 10 মিনিট পাছতেই পত্নীয়েও আঁকোৱালি ল'লে মৃত্যুক