ETV Bharat / state

বিলাসীপাৰাত বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত মন্ত্ৰী বিমল বৰা - বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়

বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত কেনেদৰে চলিছে কাম-কাজ ! মঙলবাৰে অকস্মাতে বিলাসীপাৰাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয় শক্তি মন্ত্ৰী বিমল বৰা । কাৰ্যালয়ত উপস্থিত হৈ বিভাগীয় কাম-কাজ পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে । সময় মতে বিদ্যুতৰ মাচুল পৰিশোধ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় ।

POWER MINISTER BIMAL BORA VISITED BILASHIPARA ELECTRICAL SUB DIVISION OFFICE
বিলাসীপাৰাত বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত মন্ত্ৰী বিমল বৰা
author img

By

Published : Jun 29, 2021, 4:37 PM IST

পশ্চিম বিলাসীপাৰা, ২৯ জুন: ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে বিদ্যুতৰ লুকা-ভাকু । এফালে, সঘনাই বিদ্যুৎ কৰ্তনক লৈ শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ, আনফালে, একাংশ লোকৰ বিৰুদ্ধে শক্তি বিভাগে উত্থাপন কৰিছে চোৰাংকৈ বিদ্যুৎ সংযোগ কৰাৰ অভিযোগ । এনে সময়তে ৰাজ্যৰ বিভিন্ন বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লৈছে শক্তি মন্ত্ৰী বিমল বৰা(BIMAL BORA)ই ।

মঙলবাৰে বিলাসীপাৰাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয় শক্তি মন্ত্ৰীগৰাকী । কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম-কাজ পৰ্যবেক্ষণ কৰে আৰু বিষয়া-কৰ্মচাৰীসকলৰ লগত আলোচনাত মিলিত হয় । আনহাতে, সাংবাদিকৰ আগত মন্ত্ৰীজনে কয় যে, অসমৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ বিভাগৰ আন্তঃগাঁথনি উন্নীতকৰণৰ কাম আৰম্ভ কৰা হৈছে । ইফালে, বিলাসীপাৰা বিদ্যুৎ উপ সংমণ্ডলটোৰ অধীনস্থ ৫৪,০০০ গ্ৰাহকে বিদ্যুৎ সেৱা উপভোগ কৰি আহিছে ।

বিলাসীপাৰাত বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত মন্ত্ৰী বিমল বৰা

কিন্তু ইয়াৰে মাত্ৰ ৮,০০০ গৰাকী গ্ৰাহকে বিদ্যুতৰ বিল পৰিশোধ কৰিছে । অহা ১ জুলাইৰ পৰা ১০ জুলাইৰ ভিতৰত বিদ্যুতৰ বিল পৰিশোধ নকৰা গ্ৰাহকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হ'ব বুলি তেওঁ সকিয়নী দিয়ে ।

তাৰোপৰি বিদ্যুৎ চুৰি কৰাৰ লগত জড়িত প্ৰতিজনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব বুলিও মন্ত্ৰীজনে জানিবলৈ দিয়ে । আনহাতে, ৰাণীগঞ্জৰ ঘটনা সন্দৰ্ভত তেওঁ কয় যে, চোৰাংভাৱে সংযোগ কৰা বিদ্যুৎ কৰ্তনৰ বাবে যোৱা শক্তি বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ কৰাতো অতি দুৰ্ভাগ্যজনক । লগতে তেওঁ সকলোকে সময় মতে বিদ্যুতৰ মাচুল পৰিশোধ কৰিবলৈ আহ্বান জনায় । অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো সকিয়নী দিয়ে ।

সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তত শক্তি বিভাগে চোৰাংকৈ বিদ্যুৎ সংযোগ কৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । অবৈধভাৱে বিদ্যুতৰ সুবিধা ল'বলৈ চেষ্টা কৰা বহু লোকৰে বিদ্যুৎ কৰ্তন কৰা হৈছে । মুঠতে শক্তি বিভাগে এইবাৰ চোৰাংকৈ বিদ্যুৎ সংযোগ কৰা লোকসকলৰ বিৰুদ্ধে সৰৱ হৈছে । ইফালে উষ্ণতা বৃদ্ধি হোৱাৰ সময়ত সঘনাই বিদ্যুৎ কৰ্তন কৰাক লৈ ক্ষোভ প্ৰকাশ কৰি আহিছে ৰাজ্যবাসীয়ে ।

লগতে পঢ়ক:বিলাসীপাৰাত আৰ্থিক দৈন্যতা সহিব নোৱাৰি এজন অধিবক্তাৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.