ETV Bharat / state

ব্যাপক সংকটত ৰাজ্যৰ মৃৎশিল্পীসকল - লক ডাউন

দেশ তথা ৰাজ্যত অব্যাহত থকা লক ডাউনে সৃষ্টি কৰিছে আৰ্থিক মন্দাৱস্থাৰ ৷ ক্ৰমাৎ নিম্নগামী হৈছে অৰ্থনীতি ৷ বহু লোকে হেৰুৱাইছে নিজৰ কৰ্ম সংস্থাপন ৷ এনে ক্ষেত্ৰত কেনে আছে ৰাজ্যৰ মৃৎশিল্পী সকল ?

মৃৎশিল্প
মৃৎশিল্প
author img

By

Published : Sep 10, 2020, 1:14 PM IST

ধুবুৰী, 10 ছেপ্তেম্বৰ: কৰ'ণা মহামাৰী ৰোধৰ স্বাৰ্থত দেশজুৰি চলি থকা লক ডাউনে আৰ্থিকভাৱে জুৰুলা কৰিছে দেশৰ বহু নাগৰিকক ৷ লক ডাউনৰ ফলত দেশত বহু পৰিমাণে হ্ৰাস পাইছে অৰ্থনীতি ৷ ব্যাপক লোকচনৰ সন্মুখীন হৈছে কৃষককে ধৰি ব্যক্তিগত খণ্ডৰ লগত জড়িত লোকলৈ লক্ষ লক্ষ নাগৰিক ৷ মহামাৰীৰ প্ৰাদুৰ্ভাৱে কেৱল এইসকল লোককে নহয়, মৃৎশিল্পী সকলৰ জীৱনলৈয়ো নমাই আনিছে আৰ্থিক মন্দাৱস্থা ৷

ব্যাপক সংকটত ৰাজ্যৰ মৃৎশিল্পীসকল

কৰ'ণা মহামাৰীৰ ৰোধৰ স্বাৰ্থত চৰকাৰে জাৰি কৰা নীতিসমূহ মানি চলি এই বৰ্ষত ৰাইজ বিৰত থাকিবলগীয়া হৈছে উৎসৱ-পাৰ্বন পালনৰ পৰা ৷ যাৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ মৃৎশিল্পী সকল ৷ আৰ্থিক অনাটনৰ বাবে সম্প্ৰতি তেওঁলোকে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰতো সন্মুখীন হৈছে যথেষ্ট অসুবিধাৰ ৷ ধুবুৰী জিলা সদৰৰ কলেজ ৰোডস্থিত মৃৎশিল্পী সকলে উল্লেখ কৰা অনুসৰি, ৰাইজ উৎসৱ-পাৰ্বন পালনৰ পৰা বিৰত আছে যদিও তেওঁলোকে অহৰহ নিৰ্মাণ কৰি গৈছে ইটোৰ পাচত আনটো মূৰ্তি ৷ নিজৰ গাঁঠিৰ ধন ভাঙিও তেওঁলোকে মূৰ্তি নিৰ্মাণ কৰিছে যদিও, সেইসমূহ নিৰ্মাণ কৰোতে হোৱা খৰচৰ তুলনাত বিক্ৰী হোৱা নাই মূৰ্তিসমূহ ৷ এক প্ৰকাৰৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা মৃৎশিল্পী সকলে সম্প্ৰতি চৰকাৰৰ পৰা বিচাৰিছে এধানি সহায়ৰ হাত ৷ কিয়নো লক ডাউনৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকৰ মাজত মূৰ্তিৰ চাহিদা হ্ৰাস পোৱাত এতিয়া পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত অসমৰ্থ হৈ পৰিছে নিপুন শিল্পী সকল ৷

ধুবুৰী জিলা সদৰৰ কলেজ ৰোডস্থিত মৃৎশিল্পৰ কাৰখানা

লগতে পঢ়ক: প্ৰতিৱেশী হিন্দুৰ বাবে নামঘৰ সাজি দিয়া মুছলমান দম্পতী....

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.