ETV Bharat / state

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ এখন পকী দলং - ধুবুৰী

বানৰ প্ৰবল সোঁতত খণ্ড বিখণ্ড হৈছিল দলঙখন দুই বছৰে ব্যাহত ধুবুৰীৰ সীমান্তবাসীৰ যাতায়ত

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ পৰিত্যক্ত দলং
author img

By

Published : Feb 27, 2019, 11:34 AM IST

ধুবুৰী, ২৭ ফেব্ৰুৱাৰীঃ এখন পৰিত্যক্ত দলং। দুবছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত পৰি আছে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ দলঙখন। দুবছৰ পূৰ্বে বানৰ প্ৰচণ্ড সোঁতে উটুৱাই নিয়াৰ পাচত এই পৰ্যন্ত ভগ্নপ্ৰায় অৱস্থাত পৰি আছে দলঙখন ।

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ পৰিত্যক্ত দলং

উন্নয়ন আৰু পৰিৱৰ্তনৰ শ্লোগান দি দিছপুৰ দখল কৰা মিত্ৰজোঁটৰ সোণোৱাল চৰকাৰে সদম্ভে সভা সমিতিত সমবিকাশ আৰু পৰিৱৰ্তনৰ কথা কৈ আহিছে যদিও এই শ্লোগানে ঢুকি পোৱা নাই ধুবুৰীৰ ভাৰত বাংলা সীমান্তবাসী অঞ্চলক। ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ দুৰাহাটী আৰু বিন্নাচৰা পঞ্চায়তৰ সীমান্তবাসী ৰাইজৰ বাবে যোগাযোগৰ একমাত্ৰ ভৰষা দলঙখন দুবছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে । সীমান্তৰ প্ৰায় পোন্ধৰখন গাঁৱৰ ৰাইজৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে এই গড়কপ্তানী পথেৰে যাতায়ত কৰে । কিন্তু দুবছৰ পূৰ্বে বানৰ প্ৰচণ্ড সোঁতে উটুৱাই নিয়ে এই দলংখন। তাৰ পিচৰ পৰা যাতায়তৰ নামত সীমান্তবাসীয়ে নৰক যন্ত্ৰণা ভোগ কৰি আহিছে ।

উল্লেখ্য যে, স্বাধীনতাৰ পিচৰে পৰা অৱহেলিত হৈ থকা ধুবুৰীৰ সীমান্ত এলেকা উন্নয়নৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব দিয়া পৰিলক্ষিত নহল । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰেও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । সেয়ে স্থানীয় ৰাইজে শীঘ্ৰেই এইখন গুৰুত্বপূৰ্ণ দলংখন পুনৰ নিৰ্মাণৰ দাবী জনায় ।

Intro: দুই বছৰে ব্যাহত ধুবুৰীৰ সীমান্তবাসীৰ যাতায়ত। আজিৰ পৰা দুবছৰ পূৰ্বে বানৰ প্ৰচণ্ড সোঁতে উটুৱাই নিয়ে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ এখন পকী দলং। কিন্তু আজিও সেই অৱস্থাতেই পৰি আছে দলংখন। গুৰুত্ব নাই জিলা কৰ্তৃপক্ষ আৰু চৰকাৰৰ।

Body: উন্নয়ন আৰু পৰিৱৰ্তনৰ শ্লোগান দি দিছ্পুৰ দখল কৰা মিত্ৰজোটৰ সোণোৱাল চৰকাৰে সদম্ভে সভা সমিতিত সম বিকাশ আৰু পৰিৱৰ্তনৰ কৈ আহিছে। যদিওঁ এই শ্লোগান ঢুকি পোৱা নাই ধুবুৰীৰ ভাৰত বাংলা সীমান্তবাসী অঞ্চলক। এই ভগা দলং খনলৈ মন কৰক। ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ দুৰাহাটী আৰু বিন্নাচৰা পঞ্চায়তৰ সীমান্তবাসী ৰাইজৰ ধুবুৰী সদৰ চহৰৰ লগতে বহিঃ বিশ্বৰ সৈতে যোগাযোগৰ মূল পথ হৈছে এইখন। এইখন গড়কপ্তানী পথেৰেই সীমান্তৰ প্ৰায় পোন্ধৰ খন গাঁওৰ ৰাইজৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়েও যাতায়ত কৰে এই খন পথেৰে। কিন্তু পথটোত থকা এইখন পকী দলং বিগত দুবছৰ পূৰ্বে প্ৰবল বানৰ সোঁতত খণ্ড বিখণ্ড হৈ উটি গৈছে। তাৰ পিছৰ পৰাই যাতায়তৰ নামৰ সীমান্তবাসীয়ে ভোগ কৰি আহিছে নৰক যন্ত্ৰণা।
Byte:- স্থানীয় ৰাইজ
উল্লেখযোগ্য যে, স্বাধীনতাৰ পিছৰ পৰাই অৱহেলিত হৈ থকা ধুবুৰীৰ সীমান্ত এলেকা উন্নয়নৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব দিয়া পৰিলক্ষিত নহল। একেদৰে পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰেও এইক্ষেত্ৰত গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা।

Conclusion: স্থানীয় ৰাইজে শীঘ্ৰেই এইখন গুৰুত্বপূৰ্ণ পথৰ দলংখন পুনৰ নিৰ্মাণৰ দাবী জনাইছে। যদিওঁ চৰকাৰ আৰু জিলা কৰ্তৃপক্ষই কিদৰে গুৰুত্ব প্ৰদান কৰিব সেয়া হব লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.