ETV Bharat / state

ধুবুৰীত জল জীৱন আঁচনিত নিম্ন মানদণ্ডৰ কাম কৰাৰ অভিযোগ

author img

By

Published : Aug 31, 2021, 7:41 PM IST

দেশৰ প্ৰতিটো পৰিয়ালক 2024 চনৰ ভিতৰত ঘৰুৱা পানীকলৰ সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ উদ্দেশ্যে দেশত আৰম্ভ হৈছে জল জীৱন মিছন আঁচনিৰ কাম ৷ কিন্তু অসমৰ বহুকেইখন জিলাত এই আঁচনিৰ কামত বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

poor-quality-of-work-in-jal-jeevan-scheme-in-dhuburi
ধুবুৰীত জল জীৱন আঁচনিত নিম্ন মানদণ্ডৰ কাম কৰাৰ অভিযোগ

পূৱ বিলাসীপাৰা, 31 আগষ্ট : ভাৰতৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিটো পৰিয়ালকে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে "জল জীৱন আঁচনি" শীৰ্ষক এক খোৱাপানী যোগান আঁচনি ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ চিন্তা তথা আগ্ৰহৰ প্ৰতিফলন এই আঁচনিখন ৷ কিন্তু অসমত এই আঁচনিৰ আৰম্ভ হোৱাৰ লগে লগে একাংশ ঠিকাদাৰে নিম্ন মানদণ্ডৰ কাম কৰি আঁচনিৰ ধন হৰলুকিৰ কৰাৰ অভিসন্ধি ৰচিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উত্থাপিত হৈছে এই অভিযোগ ৷

শেহতীয়াকৈ ধুবুৰী জিলাৰ বহলপুৰৰ বৰপাৰা প্ৰথম খণ্ড গাঁৱতো এই আঁচনিৰ কামত ঠিকাদাৰে বিসংগতি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰাইজৰ অভিযোগ, বহলপুৰৰ বৰপাৰা প্ৰথম খণ্ড গাঁৱত পানী যোগানৰ বাবে সংযোগ কৰা মুখ্য পাইপডাল পোতাৰ ক্ষেত্ৰত ঠিকাদাৰে চৰকাৰী নিৰ্দেশনাক অৱমাননা কৰিছে ৷

চৰকাৰী নিৰ্দেশ মৰ্মে পাইপডাল 3 ফুট দ'কৈ গাত খান্দি পুতিব লাগে, কিন্তু ঠিকাদাৰ গৰাকীয়ে চৰকাৰী নিৰ্দেশনা নামানি কেৱল 1 ফুটৰ পৰা 1.5 ফুট মান দ' গাঁত খান্দি মুখ্য পাইপ ডাল পুতি থৈ যায় ৷ আনকি কোনো কোনো ঠাইত গাঁত নাখান্দি মাটিৰ ওপৰেদিয়েই মুখ্য পাইপ ডাল সংযোগ কৰি গৈছে বুলি অভিযোগ তুলিছে ৰাইজে ৷

ইয়াৰ ফলত যিকোনো মূহুৰ্ততে মুখ্য পাইপ ডাল ফাটি যাব পাৰে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, জন স্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ চৰম হেমাহি আৰু বিষয়া কৰ্মচাৰীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি এই আঁচনি খনক একাংশ ঠিকাদাৰে ধন ঘটা আঁচনিলৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উঠিছে ৷

লগতে পঢ়কঃ মেঘালয়ৰ আগ্ৰাসন : সীমান্তত নিৰ্মাণ কৰিলে পথ

প্ৰাপ্ত খবৰ মতে, বিলাসীপাৰা সংমণ্ডলৰ জন স্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনত বহলপুৰৰ বৰপাৰা প্ৰথম খণ্ড গাঁৱৰ ৰাইজক বিশুদ্ধ পানী যোগান ধৰাৰ উদ্দেশ্য প্ৰকল্পটোৰ কাম আৰম্ভ হৈছে ৷ কিন্তু বিভাগীয় বিষয়াৰ নিৰ্লিপ্ততাৰ বাবে আঁচনিৰ কাম অতি নিম্নমানৰ হোৱাৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে ৷

উল্লেখ্য যে, অসমত এই মিছনৰ বাবে কেন্দ্ৰীয় চৰকাৰে 26 হাজাৰ কৌটি টকা মুকলি কৰি দিছে ৷ চৰকাৰী তথ্য মতে, 2019 চনৰ পৰা আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সপোনৰ আঁচনিখনৰ জৰিয়তে 2024 চনৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.