ধুবুৰী,21জুনঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত কুচনীমাৰা জোৰডাংগা গাঁওখন এখন আৰ্দশ গাওঁ পঞ্চায়ত হিচাপে স্ৱীকৃতি লাভ কৰিছে। কিন্তু আৰ্দশ গাওঁ পঞ্চায়তৰ জৰাজীৰ্ণ পথক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। সম্প্ৰতি পথছোৱাত সৃষ্টি হৈছে পুখুৰী সদৃশ দ' দ' গাত। যাৰ ফলত এজাক বৰষুণ দিলেই পথচোৱা বোকাময় হৈ যাতায়াতৰ অনুপযোগী হৈ পৰে যাৰ ফলত গাওঁৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত নৰক-যন্ত্ৰনা ভুগিব লগা হৈছে।
আনহাতে পথচোৱা শীঘ্ৰে মেৰামতি কৰিবলৈ ভুক্তভোগী ৰাইজে চৰকাৰক দাবী জনাইছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আদৰ্শ পঞ্চায়তৰ এইখন গুৰুত্বপূৰ্ণ পথৰ এনে দুৰৱস্থাই নৰক যন্ত্ৰণা ভোগাইছে স্থানীয় ৰাইজক যদিওঁ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে চৰকাৰ প্ৰশাসন আৰু জন প্ৰতিনিধিৰ বিৰুদ্ধে ।
লগতে পঢকঃ হোজাইত চীনৰ বিৰুদ্ধে প্ৰতিবাদ