ধুবুৰী, 16 জুলাই : ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীয়ে চলালে এক বিশেষ অভিযান । এই অভিযানত দুটাকৈ পিষ্টল আৰু চোকা অস্ত্ৰ সহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । বৃহস্পতিবাৰে, মাজ নিশা ধুবুৰীৰ গৌৰীপুৰৰ খুদিমাৰী দ্বিতীয় খণ্ড গাঁৱত এজন লোকৰ ঘৰত আৰক্ষীৰ অতৰ্কিতে অভিযান ৷ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই দুটাকৈ হস্ত নিৰ্মিত পিষ্টল(handmade gun)ৰ লগতে কেইবা বিধো চোকা অস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী বাহিনী তথা চিআৰপিএফ(central reserve police) ।
উল্লেখযোগ্য যে, গৌৰীপুৰ থানাৰ আৰক্ষী বিষয়া হিমাক্ষী নাথৰ নেতৃত্বত মোবাৰক হুছেইন নামৰ লোকজনৰ ঘৰত চলোৱা হৈছিল এই অভিযান । লোকজনৰ ঘৰৰ বিচনাৰ পৰাই দুটাকৈ হস্তনির্মিত পিষ্টল আৰু বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মোবাৰক হুছেইন নামৰ লোক জনক । ধৃত মোবাৰক হুছেইন নামৰ লোকজন সমগ্ৰ নামনি অসমত বিভিন্ন অপৰাধ মূলক কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।
আৰক্ষী সূত্ৰই সদৰি কৰা মতে, সম্প্ৰতি ধৃত মোবাৰক হুছেইনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । অৱশ্যে, লোকজন কোনো উগ্ৰপন্থী সংগঠন(terrorist organisation)ৰ সৈতে জড়িত আছে নেকি সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত হোৱা আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব ৷
লগতে পঢ়ক : স্বাধীনতা দিৱসলৈকে দিল্লীত ড্ৰোণ, মাইক্ৰ'লাইট বিমান, হট এয়াৰ বেলুন উৰুওৱা নিষিদ্ধ