ETV Bharat / state

ধুবুৰীত অসম আৰক্ষীৰ শ্বহীদৰ সন্মানত মাৰ্চ প্ৰদৰ্শন

author img

By

Published : Oct 28, 2021, 7:56 PM IST

ধুবুৰীত আৰক্ষী-অষ্টম অসম আৰক্ষী বাহিনীৰ যৌথ উদ্যোগত মাৰ্চ প্ৰদৰ্শন ৷ অসম আৰক্ষীৰ শ্বহীদ সকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে পালন কৰা হয় এই অনুষ্ঠান ৷

police march in dhuburi
ধুবুৰীত আৰক্ষী শ্বহীদৰ সন্মানত মাৰ্চ প্ৰদৰ্শন

ধুবুৰী, 28 অক্টোবৰ : যোৱা ২১ অক্টোবৰত উদযাপিত হোৱা অসম আৰক্ষীৰ শ্বহীদ দিৱস তথা স্মৃতিচাৰণ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ধুবুৰী আৰক্ষী আৰু অষ্টম অসম আৰক্ষী বাহিনীয়ে যৌথ উদ্যোগত এক অভিনৱ অনুষ্ঠান আয়োজিত কৰে ৷ ধুবুৰীত মাৰ্চ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰি এক নতুন সংকল্প গ্ৰহণ কৰে ধুবুৰী আৰক্ষীয়ে ।

ধুবুৰী জিলাৰ উপায়ুক্ত আন্বামুথান এম পিৰ লগতে জিলা আৰক্ষী অধীক্ষক অভিজিৎ গোৰভ দিলীপ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জিৰাণী শৰ্মাৰ উপস্থিতিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত মাৰ্চ প্ৰদৰ্শন কৰা হয় । শ্বহীদ সকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এনে মাৰ্চ প্ৰদৰ্শনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় বুলি আৰক্ষী বাহিনীৰ লোক সকলে সদৰি কৰে ৷

ইয়াৰ লগতে এই পবিত্ৰ ক্ষণত জনহিতাৰ্থে কাম কৰাৰ সংকল্প গ্ৰহণ কৰা বুলিও উল্লেখ কৰে ধুবুৰী আৰক্ষীয়ে । এই মাৰ্চ প্ৰদৰ্শন প্ৰত্যক্ষ কৰিবলৈ আৰক্ষী আৰু প্ৰশাসনীয় বিষয়া কৰ্মচাৰীৰ উপৰিও শতাধিক পথচাৰিও ভিৰ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : পঞ্জাৱৰ পৰা গাহৰি আহিলে অসমত মূল্যবৃদ্ধি হ’বই : জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.