পূৱ বিলাসীপাৰা,14 নৱেম্বৰ: দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল সকলক আশ্ৰয়স্থল দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোটি টকা আবন্টন দি দুখীয়া ৰাইজক উপকৃত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও একাংশ বেংকৰ মইমতালিৰ বাবে দৰিদ্ৰ হিতাধিকাৰী সকলে যমৰ যাতনা ভুগিব লগা হৈছে । চাপৰৰ PMAYৰ দৰিদ্ৰ হিতাধিকাৰীসকলে নিজৰ নামত আবন্টিত ধন বিচাৰি হাবাথুৰি খাব লগা হৈছে । যাৰ ফলত একাংশ মহিলাই বৃহস্পতিবাৰে 31নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
চাপৰত PMAY হিতাধিকাৰীৰ দ্বাৰা 31নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - state of pmay in bilasipara
দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল সকলক আশ্ৰয়স্থল দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোটি টকা আবন্টন দি দুখীয়া ৰাইজক উপকৃত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও একাংশ বেংকৰ মইমতালিৰ বাবে দৰিদ্ৰ হিতাধিকাৰী সকলে যমৰ যাতনা ভুগিব লগা হৈছে । চাপৰৰ PMAYৰ দৰিদ্ৰ হিতাধিকাৰীসকলে নিজৰ নামৰ আবন্টিত ধন বিচাৰি হাবাথুৰি খাব লগা হৈছে। যাৰ ফলত এইসকল মহিলাই বৃহস্পতিবাৰে 31নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ।
পূৱ বিলাসীপাৰা,14 নৱেম্বৰ: দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল সকলক আশ্ৰয়স্থল দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোটি টকা আবন্টন দি দুখীয়া ৰাইজক উপকৃত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও একাংশ বেংকৰ মইমতালিৰ বাবে দৰিদ্ৰ হিতাধিকাৰী সকলে যমৰ যাতনা ভুগিব লগা হৈছে । চাপৰৰ PMAYৰ দৰিদ্ৰ হিতাধিকাৰীসকলে নিজৰ নামত আবন্টিত ধন বিচাৰি হাবাথুৰি খাব লগা হৈছে । যাৰ ফলত একাংশ মহিলাই বৃহস্পতিবাৰে 31নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল সকলক আশ্ৰয়স্থল দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোটি টকা আৱন্টন দি দুখীয়া ৰাইজক উপকৃত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও একাংশ বেংকৰ মইমতালিৰ বাবে দৰিদ্ৰ হিতাধিকাৰী সকলে যমৰ যাতনা ভুগিব লগা হৈছে ।*
*এই দৃশ্য ধুবুৰী জিলাৰ চাপৰৰ । চাপৰ নগৰৰ PMAY ৰ দৰিদ্ৰ হিতাধিকাৰী সকলে নিজৰ নামৰ আৱন্টিত ধন বিচাৰি হাবাথুৰি খাব লগা হৈছে । যাৰ ফলত এইসকল মহিলাই বৃহস্পতিবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে । অভিযোগ মতে PMAY ধন মোকলাই দিয়াৰ নামত অসম গ্ৰামীণ বিকাশ বেংকৰ একাংশ গ্ৰাহক সেৱা কেন্দ্ৰ ই প্ৰতি ১০ হাজাৰত এশ টকাকৈ সংগ্ৰহ কৰে । অকল এয়াই নহয় এই ঠেটুৱৈ লগা জাৰত এইসকল দৰিদ্ৰ পৰিয়ালে নিজৰ ঘৰটো অৰ্ধ নিৰ্মিত অৱস্থাত থৈ টকাৰ কাৰণে বেংকৰ দুৱাৰে দুৱাৰে ঘুৰি আছে যদিও একাংশ CSP য়ে ধন আদায় নিদিয়াত ক্ষোভিত হৈ পৰে এই মহিলা সকলে ।*
Byte- 1,2-ক্ষুব্ধ মহিলা ।Conclusion:FROM UDAYADITYA ROY, BILASIPARA EAST