ধুবুৰী, 30 এপ্ৰিল : ‘‘কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটলৈ মোৰ ভয় হয় । অপ্ৰিয় হ’লেও সত্য যে, তেওঁলোকৰ মহাজোঁট কেতিয়াবা NGO আৰু ক্লাৱৰ মহাজোঁট যেনহে লাগিছে ।’’ কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটক সমালোচনা কৰি লুৰীণজ্যোতি গগৈসহ একাংশ ৰাজনৈতিক নেতাক টাউন কমিটিৰ নিৰ্বাচন খেলিবলৈ প্ৰত্যাহ্বান জনাই দেওবাৰে ধুবুৰীত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita in Dhubri) ৷
উল্লেখ্য যে, দেশ তথা ৰাজ্যৰ প্ৰতিটো লোকসভা এলেকাত আজি অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’ল প্ৰধানমন্ত্ৰীৰ এশ সংখ্যক মন কী বাত অনুষ্ঠান (100th episode of PM Modi Mann Ki Baat)। সেই হেতুকে ধুবুৰীটো আয়োজন কৰা হয় মন কী বাতৰ এক বিশাল অনুষ্ঠান (PM Modi Mann Ki Baat programme held in Dhubri) ৷ এই অনুষ্ঠানতে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই টাৰ্গেট কৰি ল’লে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটক ।
অজিৎ ভূঞা আৰু লুৰীণজ্যোতি গগৈৰ দলক এটা এটা NGO বা ক্লাৱ আখ্যা দি চান্দাজীৱী সংগঠনক ৰাইজে নস্যাৎ কৰিছে বুলিও মন্তব্য কৰে সাংসদ মাৰ্ঘেৰিটাই । আনহাতে, নিৰ্দিষ্ট পৰিয়ালৰ ওচৰত আঁঠু লোৱা, কোনো ধৰণৰ নৈতিকতা নথকা, টায়াৰ জ্বলাই মানুহক মাৰপিট কৰি জাতীয়তাবাদৰ পাঠ শিকাবলৈ যোৱা ভণ্ড ৰাজনীতি আৰু মিত্ৰতা আৰু কোনেও সহ্য নকৰে বুলি মন্তব্য কৰে সাংসদ মাৰ্ঘেৰিটাই (Pabitra Margherita criticized Lurinjyoti Gogoi) ।
লগতে পঢ়ক : MP Pabitra Margherita: কংগ্ৰেছৰ আচল মিত্ৰতা বোৰ্খাৰ আঁৰত থকা AIUDF ৰ লগত; পবিত্ৰ মাৰ্ঘেৰিটা
ইপিনে কংগ্ৰেছৰ মহাজোঁটে ডিব্ৰুগড় লোকসভা সমষ্টি AJP ক এৰি দিয়াৰ সিদ্ধান্তৰ প্ৰসংগত সাংসদ মাৰ্ঘেৰিটাই কয়, ‘‘কংগ্ৰেছক বাদ দি বাকী দুখন আসন আছে । ৰাইজৰ দলৰ এখন কমিউনিষ্টৰ এখন । অজিৎ ভূঞাৰ দল এটা ক্লাৱ, লুৰীণজ্যোতিৰ দল এটা চান্দাজীৱী দল’’ (Pabitra Margherita criticized Ajit Kumar Bhuyan)।
আনপিনে, লোকসভা নিৰ্বাচন বাদেই টাউন কমিটিৰ নিৰ্বাচন খেলি জয়ী হ’বলৈ লোৰিণজ্যোতিক প্ৰত্যাহ্বান জনালে সাংসদ মাৰ্ঘেৰিটাই । ‘‘কংগ্ৰেছৰ আচল মিত্ৰতা আছে এ আই ইউ ডি এফৰ লগত । কিন্তু এ আই ইউ ডি এফৰ লগত থকা মিত্ৰতা ৰাইজৰ ওচৰত দেখুৱাবলৈ কংগ্ৰেছে ভয় খাইছে । কাৰণ মূলসুঁতিৰ অসমীয়া আৰু খিলঞ্জীয়াই কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা পূৰ্বেই নাকচ কৰিছে । কংগ্ৰেছে গণ ৰোষৰ পৰাৰ ভয়ত আচল মিত্ৰতা লুকুৱাই ৰাখি কিছুমান ক্লাৱৰ সৈতে মিত্ৰতা কৰিছে ৷’’ কংগ্ৰেছক সমালোচনা কৰি এই মন্তব্য কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।
লগতে পঢ়ক : Mann Ki Baat : ইতিবাচকৰ এক অনন্য উৎসৱ হৈ পৰিছে ‘মন কি বাত’ : প্ৰধানমন্ত্ৰী মোডী