ETV Bharat / state

লগত যুৱতী লৈ নাচি-বাগি চিকিৎসা কৰিলে বেজে !

author img

By

Published : Nov 22, 2021, 2:21 PM IST

অন্ধবিশ্বাসৰ কবলৰ পৰা যে বৰ্তমানেও আমাৰ সমাজখন মুক্ত হোৱা নাই পুনৰ তাৰেই এক প্ৰমাণ পোৱা গ’ল ধুবুৰীত (Superstition in Dhubri village) ৷ এগৰাকী শিক্ষকে নিজৰ মাতৃৰ চিকিৎসাৰ বাবে সহায় লৈছে কবিৰাজী চিকিৎসাৰ ৷ চাওক এই প্ৰতিবেদন..

As_dhb_01_21nov_superstition_as10041
Superstition in Dhubri village: নাচি-বাগি বেজে কৰিলে চিকিৎসা

ধুবুৰী, 22 নৱেম্বৰ : এখন ঘৰৰ চোতালত দিনে-নিশাই চলিছে গীত-নৃত্য ৷ পিচে এয়া কোনো নৃত্যানুষ্ঠান বা যাত্ৰা দলৰ প্ৰদৰ্শনী নহয় ৷ আপুনি জানি আচৰিত হ’ব, এই দৰে গীত-নৃত্যৰে চলিছে চিকিৎসা ৷ নাচি-বাগি কবিৰাজে চিকিৎসা চলাইছে পক্ষাঘাটত আক্ৰান্ত এগৰাকী ৰোগীক (Superstition in Dhubri village)৷

ঘটনাৰ স্থান ধুবুৰীৰ আইৰকাটাৰ বুচাইমাৰী গাঁও ৷ এগৰাকী শিক্ষকৰ প্ৰায় আশী বছৰীয়া মাতৃ হালিমন নেছাক এইদৰে কবিৰাজে চলাইছে চিকিৎসা ৷ বিগত প্ৰায় তিনি বছৰে পেৰালাইছিছ ৰোগত আক্ৰান্ত হোৱা মাতৃক বিভিন্ন ঠাইত চিকিৎসকৰ চিকিৎসা প্ৰদান কৰিও লাভ কৰা নাই সুফল ৷ অৱশেষত বেজৰ ওচৰত শৰণ ল’লে উপায়হীন শিক্ষকে ৷

নাচি-বাগি বেজে কৰিলে চিকিৎসা

উল্লেখ্য় যে, বিগত তিনিদিন ধৰি দিনে নিশাই এইদৰে জৰা-ফুকা চলিছে কবিৰাজৰ দ্বাৰা ৷ মাজ চোতালত বৃদ্ধাগৰাকীক শুৱাই লৈ এইদৰেই গীত-নৃত্য কৰি জৰা-ফুকা চলাইছে কবিৰাজে ৷ আগে আগে কবিৰাজ, পিছে পিছে পাঁচ গৰাকী যুৱতীৰ নৃত্য ।

গীত নৃত্যৰ তালে তালে ৰোগীৰ চাৰিওফালে ঘূৰি ঘূৰি গছৰ পাতৰ সহায়ত জৰা-ফুকা কৰিছে বেজ হাকিম আলী আৰু তেওঁৰ দলটোৱে ৷ অন্ধবিশ্বাসৰ কবলৰ পৰা বৰ্তমানেও মুক্ত নোহোৱা এনে অঞ্চলবোৰত এই ঘটনা একো আচৰিত কথা নহয় ৷ ভালকৈ চালেই দেখা যায় যেনেকৈ মানুহে আগুৰি আছে, বেজে যেন কিবা যাদুহে দেখাইছে ৷

ইপিনে এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন ৰাইজৰ মাজত । প্ৰশ্ন উঠিছে এই অঞ্চলবোৰ কেতিয়া মুক্ত হ’ব অন্ধবিশ্বাসৰ কঁৰাল গ্ৰাসৰ পৰা ৷

লগতে পঢ়ক : Superstition : 26 লাখ টকীয়া তাবিজ পিন্ধি সৰ্বস্বান্ত হ’ল মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.