ETV Bharat / state

অনলাইন শিক্ষাই বাধাৰ সৃষ্টি কৰিছে দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষাগ্ৰহণত

author img

By

Published : Aug 17, 2020, 3:57 PM IST

যি সময়ত দৰিদ্ৰ অভিভাবক সকলে এমুঠি অন্ন যোগাৰ কৰিবৰ বাবে চিন্তা কৰিবলগীয়া হৈছে, তেনে সময়ত দৰিদ্ৰ অভিভাৱক সকলৰ বাবে এণ্ডৰইড ম'বাইল নিজৰ সন্তানক ক্ৰয় কৰি দিবলৈ অপাৰগ হৈ পৰিছে ৷

Online Education hampers the learning process of the unprivileged
অনলাইন শিক্ষাই বাধাৰ সৃষ্টি কৰিছে দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষাগ্ৰহণত

পশ্চিম বিলাসীপাৰা, 17 আগষ্ট : কৰ‘ণা মহামাৰীৰ ফলত চলি থকা লকডাউন আৰু আনলক্ প্ৰক্ৰিয়াৰ ফলত নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ মানুহৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা ৷ দেশৰ ইতিহাসত দীৰ্ঘ কালীন লকডাউন আৰু আনলক্ ব্যৱস্থাই আৰ্থিক ভাৱে জুৰুলা কৰিছে দৰিদ্ৰ জনক ৷ তদুপৰি লক্ ডাউন আৰু আনলক্ প্ৰক্ৰিয়াত সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠান সমূহ ৷ বিকল্প ব্যৱস্থা হিচাপে গ্ৰহণ কৰা হৈছে অনলাইন শিক্ষা ব্যৱস্থাৰ ৷ অনলাইন শিক্ষা ব্যৱস্থাৰ ফলত অসুবিধাত পৰিবলগীয়া হৈছে হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰী সকল ৷ বিলাসীপাৰা মহকুমাতো ইয়াৰ ব্যতিক্ৰম নহয়, মহকুমাটোত শ শ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনলাইন শিক্ষা ব্যৱস্থাৰ বাবে সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ । কিয়নো অনলাইন পাঠ গ্ৰহণৰ বাবে শিক্ষাৰ্থী সকলক প্ৰয়োজন হয় এটা এণ্ডৰইড ম'বাইল ফোনৰ ।

কিন্তু যি সময়ত দৰিদ্ৰ অভিভাবক সকলে এমুঠি অন্ন যোগাৰ কৰিবৰ বাবে চিন্তা কৰিবলগীয়া হৈছে, তেনে সময়ত দৰিদ্ৰ অভিভাবক সকলৰ বাবে এণ্ডৰইড ম'বাইল নিজৰ সন্তানক ক্ৰয় কৰি দিবলৈ অপাৰগ হৈ পৰিছে ৷ ফলত তেনে পৰিয়ালৰ শিক্ষাৰ্থী সকল এক প্ৰকাৰে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৷

লগতে পঢ়ক : ভাৰতত 50 হাজাৰ অতিক্ৰম কৰিলে কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.