ধুবুৰী, 2 জানুৱাৰী : ক’ভিড 19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ধুবুৰীবাসী ৷ কিয়নো ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাৰ মহা প্ৰৱন্ধকসহ 13 জনকৈ কৰ্মচাৰীৰ দেহত ক’ভিড 19 ধৰা পৰাৰ পিছতে পুনৰ জিলাখনৰ এটি UBI ৰ শাখাত বিৰাজ কৰিছে কৰ’ণাতংকই ৷
বেংকটোৰ এজন কৰ্মচাৰী তথা পৰিয়ালৰ দেহত ধৰা পৰিছে ক’ভিড 19 ৷ উল্লেখ্য যে, ইউনিয়ন বেংকৰ কৰ্মচাৰী আশীষ ঘোষৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰাত শনিবাৰে বেংকটোত স্বাস্থ্য বিভাগৰ এটা দল উপস্থিত হৈ বাকী কৰ্মচাৰীসকলৰ ক’ভিড টেষ্ট সম্পন্ন কৰে ৷
আনহাতে, আশীষৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ দুজনকৈ সদস্যৰ দেহতো ধৰা পৰে মহামাৰীবিধ ৷ বিগত ২৭ ডিচেম্বৰৰ দিনা নমুনা সংগ্ৰহ কৰা হৈছিল আক্ৰান্ত লোকজনৰ ৷ পৰৱৰ্তী সময়ত SDRF বাহিনীয়ে ইউনিয়ন বেংকটোত চেনিটাইজেশ্বন কৰে ৷ ইফালে আক্ৰান্তসকলক ধুবুৰী অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে ।
উল্লেখ্য যে, ৩ জানুৱাৰীৰ দিনা ধুবুৰীৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি তিনিখনকৈ বিদ্যালয়ৰ ১৫ বছৰৰ পৰা ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীক ক’ভিড ভেকচিন প্ৰদান কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হোৱা বুলি সদৰী কৰিছে স্বাস্থ্য বিভাগে ।
লগতে পঢ়ক : ক'ভিড-১৯ত আক্ৰান্ত হ'ল সোণাৰিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী ছাত্ৰী