ধুবুৰী, 10 ছেপ্তেম্বৰ: ধনৰ বাবেই দুই বন্ধুৱে মিলি হত্যা কৰিলে জুয়েলাৰী ব্যৱসায়ী বন্ধুক ৷ এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে ধুবুৰীৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পিয়াজবাৰী গাঁৱত ৷ বিগত কেইবাদিন ধৰি গাঁওখনৰ আক্তাৰ হোছেইন মোল্লা নামৰ লোকজন নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে আঠানী আৰক্ষী চকীত ৷ উক্ত এজাহাৰৰ ভিত্তিত আঠানী আৰক্ষীয়ে আক্তাৰৰ লগৰীয়া তথা হত্যাকাণ্ডত অভিযুক্ত যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় একাংশ ৰাইজ আৰু বন্দিহানা আৰক্ষীৰ সহযোগত ৷ আৰক্ষীয়ে আটক কৰা হত্যাকাৰী যুৱক দুজন ক্ৰমে, ৰমজান আলী আৰু সাহ আলম সেখ । মৃত আক্তাৰৰ লগত নগদ ৬ লাখ টকা আছিল বুলি প্ৰকাশ কৰে পৰিয়ালৰ লোকে । দেওবাৰে নিশা গৌৰীপুৰ আৰক্ষীৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰাৰ কথা দুয়োজন যুৱকে ব্যৱসায়ী আক্তাৰক নিৰ্মম ভাবে হত্যা কৰাৰ স্বীকাৰ কৰে দুয়োজন যুৱকে ৷ হত্যাকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে পুৱাৰে পৰা জিলা প্ৰশাসন আৰু এন ডি আৰ এফৰ জোৱানে জলেশ্বৰৰ বুঢ়াবুঢ়িৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীত চলাইছে ব্যৱসায়ী আক্তাৰৰ মৃতদেহৰ উদ্ধাৰ অভিযান ৷ সমগ্ৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ লগতে ফাঁচীৰ দাবী জনাই আক্তাৰৰ পৰিয়ালে ৷
উল্লেখ্য যে, বিগত ৭ ছেপ্তেম্বৰৰ পুৱা লগৰীয়া দুজন বন্ধুৱে সস্তীয়া দামত জলেশ্বৰৰ পৰা সোণ ক্ৰয় কৰি দিয়াৰ প্ৰলোভনৰে জুয়েলাৰী ব্যৱসায়ী আক্তাৰক লৈ যায় ব্ৰহ্মপুত্ৰৰ পাৰঘাটলৈ । ইঞ্জিন চালিত নাওঁ ভাৰা কৰি বন্ধু দুজনে আক্তাৰক বাহিৰ শালমাৰাৰ ডিমাতলা ব্ৰহ্মপুত্ৰ নদীৰে লৈ যায় দুৰ্গম চৰাঞ্চললৈ ৷
দুই বন্ধুৱে মিলি ব্যৱসায়ী বন্ধুক হত্যা কৰি পেলাই দিলে ব্ৰহ্মপুত্ৰত - etv bharat
ধুবুৰীৰ বিলাসীপাৰা মহকুমাত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড ৷ দুই বন্ধুৱে জুয়েলাৰী ব্যৱসায়িক হত্যা কৰি পেলাই দিলে ব্ৰহ্মপুত্ৰ নদীত ৷
ধুবুৰী, 10 ছেপ্তেম্বৰ: ধনৰ বাবেই দুই বন্ধুৱে মিলি হত্যা কৰিলে জুয়েলাৰী ব্যৱসায়ী বন্ধুক ৷ এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে ধুবুৰীৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পিয়াজবাৰী গাঁৱত ৷ বিগত কেইবাদিন ধৰি গাঁওখনৰ আক্তাৰ হোছেইন মোল্লা নামৰ লোকজন নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে আঠানী আৰক্ষী চকীত ৷ উক্ত এজাহাৰৰ ভিত্তিত আঠানী আৰক্ষীয়ে আক্তাৰৰ লগৰীয়া তথা হত্যাকাণ্ডত অভিযুক্ত যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় একাংশ ৰাইজ আৰু বন্দিহানা আৰক্ষীৰ সহযোগত ৷ আৰক্ষীয়ে আটক কৰা হত্যাকাৰী যুৱক দুজন ক্ৰমে, ৰমজান আলী আৰু সাহ আলম সেখ । মৃত আক্তাৰৰ লগত নগদ ৬ লাখ টকা আছিল বুলি প্ৰকাশ কৰে পৰিয়ালৰ লোকে । দেওবাৰে নিশা গৌৰীপুৰ আৰক্ষীৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰাৰ কথা দুয়োজন যুৱকে ব্যৱসায়ী আক্তাৰক নিৰ্মম ভাবে হত্যা কৰাৰ স্বীকাৰ কৰে দুয়োজন যুৱকে ৷ হত্যাকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে পুৱাৰে পৰা জিলা প্ৰশাসন আৰু এন ডি আৰ এফৰ জোৱানে জলেশ্বৰৰ বুঢ়াবুঢ়িৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীত চলাইছে ব্যৱসায়ী আক্তাৰৰ মৃতদেহৰ উদ্ধাৰ অভিযান ৷ সমগ্ৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ লগতে ফাঁচীৰ দাবী জনাই আক্তাৰৰ পৰিয়ালে ৷
উল্লেখ্য যে, বিগত ৭ ছেপ্তেম্বৰৰ পুৱা লগৰীয়া দুজন বন্ধুৱে সস্তীয়া দামত জলেশ্বৰৰ পৰা সোণ ক্ৰয় কৰি দিয়াৰ প্ৰলোভনৰে জুয়েলাৰী ব্যৱসায়ী আক্তাৰক লৈ যায় ব্ৰহ্মপুত্ৰৰ পাৰঘাটলৈ । ইঞ্জিন চালিত নাওঁ ভাৰা কৰি বন্ধু দুজনে আক্তাৰক বাহিৰ শালমাৰাৰ ডিমাতলা ব্ৰহ্মপুত্ৰ নদীৰে লৈ যায় দুৰ্গম চৰাঞ্চললৈ ৷
Vo= ৬ লাখ টকাই কাল হল নেকি আক্তাৰ হোছেইনৰ? মাথোন ৬লাখ টকাৰ লোভত দুজন বন্ধুৱে মিলি হত্যা কৰিলে জুয়েলাৰী ব্যৱসায়ী বন্ধুক।
এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পিয়াজবাৰী গাৱত ।
এই গাওখনৰ নুৰ বক্সৰ লৰা আক্তাৰ হোছেইন মোল্লা (২৮) । যুৱক আক্তাৰে নিকটৱৰ্তী কাউনবাৰী বজাৰত আৰম্ভ কৰিছিল জুয়েলাৰী ব্যৱসায়।Body:যোৱা ৭ ছেপ্তেম্বৰ ৰাতিপূৱা লগৰীয়া দুজন বন্ধুৱে সস্তীয়া দামত জলেশ্বৰৰ পৰা সোন ক্ৰয় কৰি দিয়াৰ প্ৰলোভনৰে জুয়েলাৰী ব্যৱসায়ী আক্তাৰক ব্ৰহ্মপুত্ৰৰ পাৰঘাটত । ইঞ্জিন চালিত নাওঁ ভাৰা কৰি বন্ধু দুজনে আক্তাৰক বাহিৰ শালমাৰাৰ ডিমাতলা ব্ৰহ্মপুত্ৰ নদীৰে দুৰ্গম চৰাঞ্চললৈ যায়।
নিৰুদ্দেশ হৈ পৰা আক্তাৰৰ কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোকে আঠানী আৰক্ষী চকীৰত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।
উক্ত এজাহাৰৰ ভিত্তিত আঠানী আৰক্ষীয়ে একাংশ ৰাইজ আৰু বন্দিহানা আৰক্ষীৰ সহযোগত আক্তাৰৰ লগৰীয়া যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয়।Conclusion:আৰক্ষীয়ে আটক কৰা হত্যাকাৰী যুৱক দুজন হৈছে ক্ৰমে বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত ছেণ্ড ব্লক গাওঁৰ উমেদ আলীৰ পূত্ৰ ৰমজান আলী (২২)আৰু মাছিপাৰা গাওঁৰ বাহাদুৰ আলীৰ পূত্ৰ সাহ আলম সেখ (২০) ।অপহৃত আক্তাৰৰ লগত ৬ লাখ টকা আছিল বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে।
যোৱা নিশা গৌৰীপুৰ আৰক্ষীৰ জেৰাত দুয়োজন যুৱকে ব্যৱসায়ী আক্তাৰক নিৰ্মম ভাবে হত্যা কৰাৰ স্বীকাৰোক্তি দিছে । হত্যাকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি পূৱাৰে পৰা জিলা প্ৰশাসন আৰু এন ডি আৰ এফৰ জোৱানে জলেশ্বৰৰ বুঢ়াবুঢ়িৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীত ব্যৱসায়ী আক্তাৰৰ মৃত্যু দেহ উদ্ধাৰৰ অভিযান চলাইছে।
প্ৰশ্ন হৈছে বন্ধুক বিশ্বাস কৰা আক্তাৰৰ ভুল সিদ্ধান্ত আছিল নে কি?না টকাই আক্তৰৰ কাল হল নে কি?
হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী প্ৰশাসনে আজি আক্তৰৰ মৃত্যু দেহ উদ্ধাৰৰ অভিযান আৰম্ভ কৰাত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় আক্তাৰৰ বাসগৃহত।
আক্তৰৰ আছে দুটি শিশু পুত্ৰ।ইয়াৰে এজনৰ বয়স ২বছৰ আৰু দ্বিতীয়টো ৬ মহ। ফাষ্ট ট্ৰেক আদালতৰ জড়িয়তে দোষীক ফাচীৰ দাবী জনায় আক্তাৰৰ পৰিয়ালে।
বাইট:
(১) পিতৃ
(২) ভগ্নী ।
(৩) আত্নীয়।
পশ্চিম বিলাসীপাৰা পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।