ETV Bharat / state

গোলকগঞ্জত পশু খাদ্য সহ আটক এজন

author img

By

Published : Jul 30, 2019, 4:38 AM IST

গোলকগঞ্জৰ অসম-বংগ সীমান্তবৰ্তী কৈমাৰীৰ নয়া বজাৰত সোমবাৰে বানাক্ৰান্তৰ বাবে চৰকাৰে যোগান ধৰা পশু খাদ্য সহ এজন লোকক আটক কৰে স্থানীয় ৰাইজে ৷

গোলকগঞ্জত পশু খাদ্য সহ আটক এজন

গোলকগঞ্জ, 30 জুলাই: বানপানীত খাদ্যৰ অভাৱত বহু পশুধনৰ মৃত্যু হোৱাৰ বিপৰীতে একাংশই মুনাফা আদাই কৰিছে পশুধনৰ বাবে আবণ্টিত খাদ্য বিক্ৰী কৰি ৷ গোলকগঞ্জৰ অসম-বংগ সীমান্তবৰ্তী কৈমাৰীৰ নয়া বজাৰত সোমবাৰে বানাক্ৰান্তৰ বাবে চৰকাৰে যোগান ধৰা পশু খাদ্য সহ এজন লোকক আটক কৰে স্থানীয় ৰাইজে ৷ পশ্চিমবংগত বিক্ৰীৰ বাবে ই-ৰিক্সাৰে নিয়াৰ সময়তে পশু খাদ্যসহ আটক হয় লোকজন ৷ স্থানীয় ৰাইজে আটক কৰি গতাই দিয়ে ছোটোগুমা আৰক্ষী চকীত | ধৃত ছিদ্দিক নামৰ লোকজনৰ মতে, পশু খাদ্যবোৰ তেঁওক যোগান ধৰিছিল কৈমাৰী গাঁও পঞ্চায়তৰ সদস্য জহিৰুল ইছলাম আৰু খালেদা পাৰভিনে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰে যদিও মূল অভিযুক্তক আটক কৰিবলৈ কিমান দূৰ সফল হয় সেয়াহে হ'ব লক্ষনীয় ৷

Intro:বানপানীত খাদ্যৰ অভাৱত পশুধন ভোকত কলমলাই থকাৰ বিপৰীতে একাংশই বিক্ৰী কৰি মুনাফা লুটিছে|

Body: গোলকগঞ্জৰ অসম বংগ সীমান্তবৰ্তী কৈমাৰীৰ নয়া বজাৰত আজি বানাক্ৰান্তৰ বাবে চৰকাৰে যোগান ধৰা পশু খাদ্য সহ এজন লোকক ৰাইজে আটক কৰে| পশ্চিমবংগত বিক্ৰীৰ বাবে ই ৰিক্সাৰে নিয়াৰ সময়ত ন বস্তু পশু খাদ্যসহ তেঁও আটক হয়| স্থানীয় ৰাইজে আটক কৰি ছোটোগুমা আৰক্ষী চকীত গতাই দিয়ে| ধৃত ছিদ্দিকৰ মতে পশু খাদ্যবোৰ তেঁৱক কৈমাৰী গাঁও পঞ্চায়তৰ সদস্য জহিৰুল ইছলাম আৰু খালেদা পাৰভিনে যোগান ধৰে| সদস্য দুগৰাকীয়ে বিভিন্ন সামগ্ৰী কঢ়িয়াই ভাড়া হিচাপে পশু খাদ্যবোৰ তেঁৱক দিয়া বুলি স্বীকাৰ কৰে| তেঁৱৰ ঘৰত পশুধন নথকাৰ বাবেই পশ্চিমবংগলৈ নি থকা বুলি জানিবলৈ দিয়ে |

Conclusion:আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰে যদিও আচল দোষীক আটক কৰিবলৈ কিমানদূৰ সফল হয় সেয়াই লক্ষনীয়|
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.