ধুবুৰী,5 এপ্ৰিল : ধুবুৰীত নতুনকৈ এজনৰ দেহত ক'ভিড-১৯ৰ অৱস্থিতি ধৰা পৰে ৷ নতুনকৈ অৱস্থিতি ধৰা পৰা লোকজন ফুলবাৰী দলং নিৰ্মাণত নিয়োজিত এজন কৰ্মচাৰী ৷ ৰাজ্যত নতুনকৈ ক'ভিড সংক্ৰমণ হোৱা নাই বুলি স্বয়ং ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডo হিমন্তই অদ্ভুত মন্তব্য প্ৰদান কৰাৰ পাছতেই ধুবুৰীত লোকজনৰ দেহত ধৰা পৰে ক'ভিড-১৯ ৷ জয়াবান্দ নামৰ কৰ্মচাৰী গৰাকীয়ে 1 এপ্ৰিলত প্ৰথম অৱস্থাত তেজ পৰীক্ষা কৰোঁতে ধৰা পৰা নাছিল যদিও পাছত পুনৰ 3 এপ্ৰিলত এন টি পি চি আৰ পৰীক্ষা কৰাত লোকজন কৰ'ণাত আক্ৰান্ত বুলি প্ৰমাণিত হয় ।
কিছুদিন পূৰ্বে কৰ্মচাৰীজনে ধুবুৰীৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা পুনেলৈ গৈছিল ৷ তেওঁ আকৌ তিনিদিন পূৰ্বে পুনেৰ পৰা ধুবুৰীলৈ উভতি অহাৰ পাছতেই ধৰা পৰিল ক'ভিডৰ অৱস্থিতি । আজি এখন সংবাদমেলত জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই এই তথ্য সদৰি কৰে । উল্লেখযোগ্য যে জিলা উপায়ুক্তই জানিব দিয়া মতে বৰ্তমান কৰ্মচাৰীজনক হোম কোৱাৰাইণ্টইনত ৰখা হৈছে ।
লগতে পঢ়ক : কৰ'ণাৰ বাবে পুনৰ জম্মু-কাশ্মীৰত বিদ্যালয় বন্ধ