ধুবুৰী, 9 অক্টোবৰ: ধেমাজিত জিলা কাৰাগাৰত সাইলাখ বলীউডৰ দৰে ঘটনা (Murder case in Dhemaji jail)৷ কাৰাগাৰৰ ভিতৰতেই এজন যুৱকৰ মৃত্যুক লৈ ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে (Youth allegedly murdered in jail) ৷ কাৰাগাৰৰ তিনি কয়ডীয়ে যুৱকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে (Youth died in Dhemaji jail) ৷
অভিযোগ অনুসৰি কিছুদিন পূৰ্বে ধুবুৰীৰ নিউঘাট অঞ্চলৰ জাকিৰ শেখ নামৰ এজন কাঠ ব্যৱসায়ীয়ে পুৰণি কাঠ ক্ৰয় কৰিবলৈ বাবে ডিব্ৰুগড়লৈ গৈছিল ৷ তাৰ পৰা ডিব্ৰুগড়ৰ ইৰফান আহমেদ, ফৰিদ খান আৰু ছাহিল খান নামৰ তিনি যুৱকে ধেমাজিৰ এখন হোটেললৈ জাকিৰক পুৰণি কাঠ দেখুৱাবলৈ লৈ যায় ৷ কিন্তু কাঠখিনি পছন্দ নোহোৱাত পুনৰ তিনি যুৱকে কাঠ ব্যৱসায়ী জাকিৰক তিনিচুকীয়ালৈ লৈ যায় ৷
কিন্তু আধা বাটতেই তিনি যুৱকে জাকিৰক দুই লাখ টকা দাবী কৰি মাৰপিট কৰিছিল ৷ তাৰ পিছতেই তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় হৈ ধেমাজিৰ কুলাজান অভিমুখে যোৱাৰ সময়তে চিলাপথাৰ আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছিল ধুবুৰীৰ জাকিৰ সহ ডিব্ৰুগড়ৰ তিনিজন যুৱক (Drugs seized case in Dhemaji)৷ চিলাপথাৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি ধেমাজি জিলা কাৰাগৰলৈ প্ৰেৰণ কৰে চাৰিও অভিযুক্তক (Four arrested in drugs seized case) ৷
কিন্তু হঠাৎ ৬ অক্টোবৰৰ নিশা ধেমাজি জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা জাকিৰ শেখ অসুস্থ বুলি আৰক্ষীয়ে ঘৰৰ পৰিয়ালক অৱগত কৰে ৷ আৰক্ষীৰ খবৰ অনুসৰি পৰিয়ালৰ লোকে ধেমাজি অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ পৰিয়ালৰ লোক উপস্থিত হোৱালৈ জাকিৰৰ মৃত্যু হয় ৷ লগে লগে চিকিৎসালয়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে জাকিৰৰ পৰিয়ালে ৷
পৰিয়ালৰ অভিযোগ অনুসৰি কাৰাগাৰৰ ভিতৰতেই ডিব্ৰুগড়ৰ তিনি যুৱকে পৰিকল্পিতভাবে হত্যা কৰিছে জাকিৰক ৷ পূৰ্বে বিভিন্ন সময়ত জাকিৰক জেইলৰ ভিতৰত তিনি যুৱকে হত্যা কৰাৰো ভাবুকি দিয়া বুলি অভিযোগ তুলিছে জাকিৰৰ পৰিয়ালে ৷ আনকি ডিব্ৰুগড়ৰ ইৰফান, ফৰিদ, ছাহিলে পুৰণি কাঠ দেখুৱাবলৈ নিয়াৰ গইনা লৈ ৰাজপথত মাৰপিট কৰি দুই লাখ টকা ধনদাবী কৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ বিপৰীতে ড্ৰাগছৰ গোচৰত জাকিৰক ফচাইছিল বুলিও দাবী কৰে পৰিয়ালৰ লোকে ৷
ইপিনে জাকিৰৰ ৰহস্যজনক মৃত্যুৰ পিছত চিলাপথাৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিবলৈ যায় যদিও আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰিবলৈ অমান্তি হয় (Youths family allegation to murder)৷ দেওবাৰে জাকিৰৰ মৃতদেহ ধুবুৰীৰ বাসগৃহলৈ অনাৰ পিছত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আইনৰ কাষ চাপিব বুলি কৈ এই ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে ভুক্তভোগী পৰিয়ালৰ লোকে ৷ ধেমাজি অসামৰিক চিকিৎসালয়ত জাকিৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক চমজাই দিয়ে ৷ ইতিমধ্যে শেষকৃত্য সম্পন্ন হৈছে ৷
লগতে পঢ়ক: সোণাৰিৰ নিচামুক্তি কেন্দ্ৰত এজন লোকৰ ৰহস্যজনক মৃত্যু