ETV Bharat / state

হাটশিঙিমাৰীত লোমহৰ্ষক হত্যাকাণ্ড

author img

By

Published : Oct 29, 2020, 1:47 PM IST

হাটশিঙিমাৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড ৷ এগৰাকী ঠিকাদাৰৰ ডিঙি কাটি হত্যা অচিনাক্ত দুৰ্বৃত্তৰ ৷ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে স্থানীয় আৰক্ষীয়ে ৷

murder at hatsingimari dhubri assam etv bharat news
লোমহৰ্ষক হত্যাকাণ্ড

ধুবুৰী,29 অক্টোবৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ উক্ত হত্যাকাণ্ডৰ ফলত প্ৰাণ হেৰুৱাইছে ভীমাপাৰাৰ শ্বেখ ফৰিদ নামৰ এগৰাকী 45 বছৰীয়া ব্যক্তিয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,পেচাত এজন ঠিকাদাৰ ফৰিদক অচিনাক্ত দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰে ৷ হত্যাকাণ্ডটোৰ খবৰে সমগ্ৰ জিলাখনতে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷ ব্যক্তিগৰাকীক কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে বুধবাৰে নিশা বাসগৃহৰ সমীপত ডিঙি কাটি হত্যা কৰে ৷

লোমহৰ্ষক হত্যাকাণ্ড

উক্ত হত্যাকাণ্ডৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় খাৰুৱাবান্ধা আৰক্ষীৰ লগতে জিলা কাৰ্যবাহী দণ্ডাধীশ শশী কুমাৰ ডেকা আৰু মানকাচৰৰ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ তদুপৰি ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও হত্যাকাৰীৰ কোনো শুংসূত্ৰ বাহিৰ কৰিব পৰা নাই ৷

লগতে চাওকঃ যোগেন মোহনৰ নেতৃত্বত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.