ETV Bharat / state

বিলাসীপাৰাত বিপিএফ নেত্ৰী মুনমুন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Feb 21, 2020, 9:34 AM IST

বৃহস্পতিবাৰে বিলাসীপাৰাৰ সীমান্তৱৰ্তী খোৰাঘাটত উপস্থিত হয় বিপিএফ নেত্ৰী মুনমুন ব্ৰহ্ম ৷ পৰ্বতঝোৰা জিলা বিপিএফৰ সভানেত্ৰী তথা সমাগত বিটিআৰ নিৰ্বাচনৰ বাবে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী মুনমুন ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে খোৰাঘাট শ্মশানৰ গৃহৰ আধাৰশিলা স্থাপন কৰে ৷

Munmun Brahma inagurate crematory in Bilashipara
বিলাসীপাৰাত বিপিএফ নেত্ৰী মুনমুন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

পশ্চিম বিলাসীপাৰা, 21 ফেব্ৰুৱাৰীঃ সমাগত বিটিআৰ পৰিষদীয় নিৰ্বাচন ৷ নতুন বড়ো চুক্তি স্বাক্ষৰৰ পিচত প্ৰথমটো নিৰ্বাচনৰ বাবে সাজু বিটিআৰ ৷ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত সকলো দলৰ ৷ বৃহস্পতিবাৰে বিলাসীপাৰাৰ সীমান্তৱৰ্তী খোৰাঘাটত উপস্থিত হয় বিপিএফ নেতা মুনমুন ব্ৰহ্ম ৷ পৰ্বতঝোৰা জিলা বিপিএফৰ সভানেত্ৰী তথা সমাগত বিটিআৰ নিৰ্বাচনৰ বাবে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী মুনমুন ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে খোৰাঘাট শ্মশানৰ গৃহৰ আধাৰশিলা স্থাপন কৰে ৷ খোৰাঘাট অঞ্চলৰ প্ৰায় 22 খন ৰাজহ গাঁৱৰ একমাত্ৰ শ্মশানখনলৈ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত 10 লাখ টকাৰ অনুদান আগবঢ়াইছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ থকা এই শ্মশানখনৰ প্ৰতি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কৰা এই আধাৰশিলাক একাংশই নিৰ্বাচনী আভুৱা বুলি মন্তব্য আগবঢ়াইছে ৷ পৰৱৰ্তী সময়ত ই কিমান ফলপ্ৰসু হয় সেয়া অনাগত দিনত লক্ষণীয় হ’ব ৷

আৰু পঢ়কঃবড়ো শান্তি চুক্তি ৰূপায়ন কৰাৰ স্বাৰ্থত ৰাজনীতিত অংশ গ্ৰহণ কৰিব এন ডি এফ বিয়ে :গোবিন্দ বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.