ETV Bharat / state

৫ দিনে সন্ধানহীন এটি সন্তানৰ মাতৃ - বিলাসীপাৰাৰ নীলিমা খাতুন

বিলাসীপাৰাৰ বেলতলী গাঁৱৰ নীলিমা খাতুন সন্ধানহীন । যোৱা ২৫ ফেব্ৰুৱাৰীত সন্তানক বিদ্যালয়ত থোৱাৰ পিছত ঘৰলৈ উভতি অহা আছিল নীলিমা ৷ তেতিয়াৰে পৰা পৰিয়ালৰ লোকে কোনো খবৰ পোৱা নাই মহিলাগৰাকীৰ ।

৫ দিন ধৰি সন্ধানহীন হৈ আছে বিলাসীপাৰাৰ নীলিমা খাতুন

author img

By

Published : Mar 1, 2021, 2:28 PM IST

পশ্চিম বিলাসীপাৰা,১ মাৰ্চ: বিগত ৫ দিনে শুংসূত্ৰ নাই বিলাসীপাৰাৰ বেলতলী গাঁৱৰ নীলিমা খাতুনৰ । এটি ৫ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ নীলিমাই যোৱা ২৫ ফেব্ৰুৱাৰীত পুত্ৰক বিদ্যালয়লৈ থবলৈ বুলি পুৱা প্ৰায় ৯ বজাত ঘৰৰ পৰা ওলাই গৈছিল । বিলাসীপাৰাৰ ৯ নম্বৰ ৱাৰ্ডস্থিত এখন বিদ্যালয়ত পুত্ৰক থোৱাৰ পিছৰে পৰা সন্ধান নাই নীলিমাৰ । নীলিমা গয়জুদ্দিন শ্বেইখ আৰু কাছানি বিবিৰ কন্যা ।

বহু বিচাৰ-খোচাৰ কৰিও নীলিমাৰ সন্ধান উলিয়াব নোৱাৰি নীলিমাৰ পিতৃয়ে বিলাসীপাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । কিন্তু আৰক্ষীয়েও মহিলাগৰাকীক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই । স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছৰে পৰা বিগত এটা বছৰে নীলিমা পিতৃ গৃহতে আছিল ।

৫ দিনে সন্ধানহীন এটি সন্তানৰ মাতৃ

কোনো সদাশয় ব্যক্তিয়ে কন্যা নীলিমাৰ সম্ভেদ পালে 9678339716 নম্বৰত যোগাযোগ কৰিবলৈ অথবা ওচৰৰ থানালৈ গৈ খবৰ দিবলৈ আহ্বান জনাইছে মহিলাগৰাকীৰ পিতৃয়ে । আনহাতে, মাতৃক বিচাৰি হাহাকাৰ কৰিছে কণমানি পুত্ৰই ।

লগতে পঢ়ক:অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ: ধৰ্ষণৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.