গোলকগঞ্জ, 18 মে' : ধুবুৰী জিলাৰ গোলকগঞ্জৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত সোমবাৰে উপস্থিত হয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকা ৷ বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা লোক সকলৰ পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হয় মন্ত্ৰীগৰাকী ৷
মন্ত্ৰী গৰাকীয়ে পৰিস্থিতিৰ বুজ লৈ পশ্চিমবংগৰ পৰা এখন ট্ৰাকত আশীজনকৈ লোক অসমলৈ প্ৰেৰণ কৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰে । অসম-বংগ সীমান্তত উপস্থিত হোৱা লোক সকলৰ মাজত সামাজিক দুৰত্বৰ পালন হোৱা নাই বুলিও মন্তব্য প্ৰকাশ কৰি ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷
তদুপৰি জিলাখনৰ আৰক্ষী অধীক্ষক যুৱৰাজ সিং আৰু জিলা উপায়ুক্ত অনন্ত লাল জ্ঞায়ানীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে ।
অৱশ্যে ধুবুৰী জিলাত চাৰি হেজাৰ লোকক কোৱাৰাইন্টাইন ৰখা হৈছে বুলি জানিবলৈ দিয়াৰ লগতে সোমবাৰে ৫৩১ গৰাকী লোকক কোৱাৰান্টাইন কেন্দ্ৰৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ‘ব বুলি মত প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক : অৰ্থনৈতিক পেকেজ সম্পৰ্কে মন্ত্ৰী গোটৰ বৈঠক