ETV Bharat / state

ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় মাহৰ শুভাৰম্ভণি মন্ত্ৰী অশোক সিংঘালৰ - Dhubri District Library Hall

ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় মাহৰ শুভাৰম্ভণি কৰে মন্ত্ৰী অশোক সিংঘালে (Minister Ashok Singhal inaugurated Arunodaya Month) ৷ বান তথা খহনীয়াত ক্ষতিগ্ৰস্ত পাঁচজনকৈ হিতাধিকাৰীৰ মাজত ডেম' চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

Minister Ashok Singhal inaugurated Arunodaya Month in Dhubri
ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় মাহৰ শুভাৰম্ভণি মন্ত্ৰী অশোক সিংঘালৰ
author img

By

Published : Aug 20, 2022, 10:40 PM IST

ধুবুৰী, 20 আগষ্ট: ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে অৰুণোদয় মাহ (Arunodaya month Started in Assam)। এই বছৰৰ প্ৰলয়ংকৰী বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ পোনপটীয়া ক্ষতিপূৰণ হস্তান্তৰৰ জৰিয়তে পুনৰ্বাসন অনুদান পুঁজি বিতৰণৰ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে ৷

উল্লেখ্য যে, ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা অৰুণোদয় মাহৰ অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে (Ashok Singhal inaugurated Arunodaya Month)। বান তথা খহনীয়াত ক্ষতিগ্ৰস্ত পাঁচজনকৈ হিতাধিকাৰীৰ মাজত ডেম' চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে (Minister Ashok Singhal distributed flood relief in Dhubri District Library Hall) ৷ লগতে এই অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত কয়, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰে প্ৰথমৰে পৰা প্ৰশাসনিক সংস্কাৰৰ যি বিপ্লৱ আৰম্ভ কৰিছিল তাৰ ফল আপোনালোকে পাবলৈ লৈছে ৷ ইমান ক্ষীপ্ৰতাৰে আৰু নিকাকৈ বানাক্ৰান্তক চৰকাৰী অনুদান দিয়াৰ ঘটনা অসমৰ ইতিহাসত এয়াই প্ৰথম ৷

ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় মাহৰ শুভাৰম্ভণি মন্ত্ৰী অশোক সিংঘালৰ

অৰুণোদয় আঁচনিৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা মহিলাসকলক লাভাম্বিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আজিৰে পৰা এমাহ ধৰি হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ সমীক্ষা চলাব । সমীক্ষাকাৰী দলে নিকাভাৱে হিতাধিকাৰীৰ নাম, ঠিকনা আৰু আনুসংগিক তথ্যসমূহ অন্তৰ্ভুক্ত হৈছে নে নাই তাৰ পৰীক্ষা কৰিব । ধুবুৰী জিলাত ২২১ টা সমীক্ষাকাৰী দলত মুঠ ৪৫৯ গৰাকী সদস্যই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সমীক্ষা চলাব ৷ লগতে ১৪২ গৰাকী ছুপাৰভাইজৰ থাকিব ৷ পৰিদৰ্শনকাৰী দলে অৰুণোদয় হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ সমীক্ষাৰ যোগে তথ্য সংগ্ৰহ কৰি ম'বাইল এপ্লিকেশ্যনত লিপিবদ্ধ কৰিব ৷ স্বচ্ছ আৰু নিকাভাৱে সকলো হিতাধিকাৰীৰ নাম, ঠিকনা আৰু আনুসাংগিক তথ্য অন্তৰ্ভুক্ত কৰা হ'ব ৷

আনহাতে ধুবুৰী জিলাত বানত মুঠ ১০৩৩ টা পৰিয়ালৰ বাসগৃহ, সম্পূৰ্ণৰূপে বা আংশিকভাৱে নষ্ট হৈছে ৷ তেওঁলোকৰ অধিকাংশই নিজৰ বেংক একাউন্টত ইতিমধ্যে চৰকাৰী অনুদান পাইছে ৷ একাউন্ট নম্বৰ ভুল হৈ থকাসকলেও শুধৰণিৰ পিছতে অনুদান পাব ৷ চৰকাৰী অনুদানৰ বাবে তালিকাভুক্ত পৰিয়ালসমূহৰ মাজৰ পাঁচটা পৰিয়ালৰ মুৰব্বীক আজিৰ অনুষ্ঠানত প্ৰতিৰূপ চেক বিতৰণ কৰে মন্ত্ৰী সিংঘালে ৷

উল্লেখ্য যে, অনুষ্ঠানৰ শেষত মন্ত্ৰী অশোক সিংঘালক জেহাদী সংক্ৰান্তত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, অসমৰ ওপৰত বহু বিদেশী শক্তিৰ চকু আছে । যিমানেই চেষ্টা নকৰক কিয়, যিকোনো মৌলবাদী জেহাদী শক্তিয়ে কোনো ধৰণৰ কাৰ্যকলাপ চলাব নোৱাৰে, যেতিয়ালৈকে ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ আছে । জেহাদী আৰু মৌলবাদী সংগঠনক আমি মোহাৰি ধ্বংস কৰি দিম বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

অনুষ্ঠানটোত ধুবুৰীৰ উপায়ুক্ত অন্বমুথান এম পি, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সান্যাল, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংঘী, অশ্বিনী ৰায় সৰকাৰ প্ৰমুখ্য কেইবাজনো বিশিষ্ট ব্যক্তি, অৰুণোদয় আঁচনিৰ সমীক্ষাকাৰী দলৰ সদস্যসকল, অনুদান লাভ কৰা কেবাটাও বানাক্ৰান্ত পৰিয়ালৰ সদস্য উপস্থিত থাকে ৷

লগতে পঢ়ক: শোণিতপুৰত অৰুণোদয় মাহৰ শুভাৰম্ভণি মন্ত্ৰী অজন্তা নেওগৰ, বান ক্ষতিগ্ৰস্তক সাহায্য প্ৰদান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.