ETV Bharat / state

মেঘালয়ৰ মহিলাৰ মৃত্যুক লৈ ধুবুৰীৰ গোলকগঞ্জত চাঞ্চল্য - ধুবুৰী অসামৰিক চিকিৎসালয়

বৰ্তমানলৈ চিকিৎসকেও জনাব পৰা নাই প্ৰকৃততে কি ৰোগত আক্ৰান্ত হৈ মৃত্যু হ'ল মহিলা গৰাকীৰ ৷

Meghalayan women died in dhuburi
মেঘালয়ৰ মহিলাৰ মৃত্যুক লৈ ধুবুৰীৰ গোলকগঞ্জত চাঞ্চল্য
author img

By

Published : Apr 19, 2020, 8:00 PM IST

ধুবুৰী,19 এপ্ৰিল: দেশজুৰি লক ডাউন অব্যাহত থকাৰ মাজতে ধুবুৰীৰ গোলকগঞ্জত এগৰাকী মেঘালয়ৰ মহিলাৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ শনিবাৰৰ পুৱা হালাকুৰা চিকিৎসালয়ত মৃত্যু হয় মহিলা গৰাকীৰ ৷ ইয়াৰা পাছতে উক্ত ঘটনাক লৈ সৃষ্টি হয় শোকাকুল পৰিৱেশৰ ৷

মেঘালয়ৰ মহিলাৰ মৃত্যুক লৈ ধুবুৰীৰ গোলকগঞ্জত চাঞ্চল্য

ঘটনা অনুসৰি গোলকগঞ্জৰ পোকলাগি গাঁৱৰ আত্মীয়ৰ ঘৰত আবদ্ধ হৈ আছিল ৷ কিন্তু হঠাৎ মহিলা গৰাকী অসুস্থ হৈ পৰাত শনিবাৰৰ পুৱা মহিলা গৰাকীক হালাকুৰা চিকিৎসালয়ত চিকিৎসাত ভৰ্তি কৰে আত্মীয়ই ৷ কিন্তু চিকিৎসালয়তে মৃত্যু হয় মহিলা গৰাকীৰ ৷ বৰ্তমানলৈ চিকিৎসকেও জনাব পৰা নাই প্ৰকৃততে কি ৰোগত আক্ৰান্ত হৈ মৃত্যু হ'ল মহিলা গৰাকীৰ ৷ উল্লেখ্য যে চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যেই ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে মহিলা গৰাকীৰ মৃতদেহ ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্পষ্ট হ'ব মৃত্যুৰ কাৰণ ৷ মৃত মহিলা গৰাকীৰ নাম বেবিকা ৰিশী বুলি জনাইছে মহিলা গৰাকী আত্মীয়ই ৷ দেশজুৰি কৰণা ভাইৰাছৰ আতংক অব্যাহত থকাৰ মাজতে তিনিটাকৈ কণমানি শিশুৰ মাতৃ বেবিকা ৰিশীৰ এনে আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়কঃ লক ডাউন 2.0 : ডিব্ৰুগড় আৰক্ষীৰ তৎপৰতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.