ETV Bharat / state

Conflict over land dispute: হাটশিঙিমাৰীৰ সুখচৰত ভূমি কেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি; 35 জন আহত - হাটশিঙিমাৰীৰ সুখচৰ থানা

হাটশিঙিমাৰীৰ সুখচৰ থানা এলেকাৰ অধীনস্থ পাইকৰকান্দি গাঁৱত 22 জুলাই তাৰিখে দুই ফৈদৰ মাজত সৃষ্টি হোৱা ভয়াবহ ভূমিকেন্দ্ৰীক সংঘাটত আহত 35 জন ৷ দোষীক কৰায়ত্ত কৰাৰ দাবীত গাওঁবাসীৰ উত্তাল প্ৰতিবাদ ৷

Many People Injured in a Clash Between two Parties
ভূমিকেন্দ্ৰীক সংঘাত
author img

By

Published : Jul 26, 2023, 9:12 PM IST

ভূমিকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি

ধুবুৰী, 26 জুলাই : হাটশিঙিমাৰীৰ সুখচৰ-পাইকৰকান্দিত ভূমিকেন্দ্ৰীক সংঘাতত আহত 35 ৷ আহত 12 জনৰ অৱস্থা সংকটজনক ৷ দোষীক কৰায়ত্ত কৰাৰ দাবীত গাওঁবাসীৰ উত্তাল প্ৰতিবাদ ৷ গাওঁৰক্ষী বাহিনীৰ সম্পাদকক পদৰ পৰা নিলম্বনৰ দাবী ৷

হাটশিঙিমাৰীৰ সুখচৰ থানা এলেকাৰ অধীনস্থ পাইকৰকান্দি গাঁৱত 22 জুলাই তাৰিখে দুই ফৈদৰ মাজত এক ভয়াবহ ভূমিকেন্দ্ৰীক সংঘাতৰ সৃষ্টি হয় ৷ দুই পক্ষৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈ উভয় ফৈদৰ 35 জনকৈ লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ পাইকৰকান্দি গাঁৱৰ ৰিয়াজুল হক, ছোহৰাব আলী আৰু গাওঁৰক্ষী বাহিনীৰ সম্পাদক আহেৰ আলী নামৰ লোক তিনিজনৰ প্ৰায় 25 জনীয়া গোটে গাওঁখনৰ আখিৰুল ইছলাম আৰু হাকিম উদ্দীনৰ গোটৰ 35 জন লোকক লাঠি-জোঙ, দা-কুঠাৰ আৰু কোৰেৰে ভয়ংকৰ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

এই ভয়ংকৰ আক্ৰমণত মহিলাসহ 35 জন লোক আহত হৈছে ৷ আহত সকলৰ ভিতৰত তিনিজনৰ অৱস্থা অতিকৈ সংকটজনক ৷ সংকটজনক তিনিওজন ব্যক্তিক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে ৷ আনহাতে আহতসকলৰ ভিতৰত আন 4 জন গোৱালপাৰা, 3 জন মেঘালয়ৰ তুৰা আৰু 2 জন ধুবুৰী মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে ৷ সংকটমুক্ত বাকীকেইজন আহত ঘৰতে চিকিৎসাধীন অৱস্থাত আছে ৷

এই ঘটনাক লৈ ইতিমধ্যে 23 জুলাই তাৰিখে সুখচৰ থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ কিন্তু সুখচৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে অভিযুক্তসকলক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ ফলত গাওঁবাসীয়ে বুধবাৰে এইদৰে একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দোষীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ দাবী তুলিছে ৷ ইফালে গাওঁখনৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক আহেৰ আলীক পদৰ পৰা নিলম্বনৰ দাবী তুলিছে গাওঁবাসীয়ে ৷ সুখচৰ থানাত সম্পাদক আহেৰ আলীসহ ছোহৰাব আলী, ৰিয়াজুল হক, মোন্নাফ আলী, কেৰামত আলী আৰু পেহচান আলী সহ 25 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Parents torture incident in Guwahati:পুত্ৰৰ অত্যাচাৰৰ বাবে আৰক্ষী থানা পালেগৈ পিতৃ-মাতৃ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.