ধুবুৰী,7 ফেব্ৰুৱাৰীঃ অসম-বংগ সীমান্তত শুকুৰবাৰে জব্দ বৃহৎ পৰিমাণৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ ৷ পশ্চিমবংগৰ পৰা অবৈধভাৱে ধুবুৰীলৈ সৰবৰাহ কৰা হৈছিল চিলিণ্ডাৰসমূহ । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলা অভিযানত যোগান বিভাগে জব্দ কৰে এই চিলিণ্ডাৰসমূহ ৷ বিগত কিছুদিনৰ পৰা পশ্চিমবংগ আৰু অসম-বংগ সীমান্তৰ আগমনি আৰু ছাগলীয়াৰ একাংশ অসাধু চক্ৰই ৰন্ধন গেছৰ নাটনিৰ অজুহাতত পশ্চিমবংগৰ কোচবিহাৰৰ পৰা অবৈধভাৱে আমদানি কৰিছিল চিলিণ্ডাৰ। বৃহত্তৰ অঞ্চলটোত প্ৰকৃত মূল্যতকৈ অধিক দামত এনে চিলিণ্ডাৰসমূহ দীৰ্ঘদিনে বিক্ৰী হৈ আছে। অবৈধ গেছ চিলিণ্ডাৰৰ একপ্ৰকাৰৰ ৰমৰমীয়া বজাৰ গঢ়ি উঠিছে অসম-বংগ সীমান্তত ।
কিন্তু গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ধুবুৰী জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটা দলে আগমনি আৰু ছাগলীয়া আৰক্ষীৰ সহযোগত আৰু আগমনি ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত অসম-বংগ সীমান্তৰ ভিন্ন স্থানত অভিযান চলায়। এই অভিযানত মুঠ ৯৩ টা অবৈধ ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰা হয় । ইয়াৰে ২৮ টা চিলিণ্ডাৰ গেছ ভৰ্তিৰ বিপৰীতে বাকীকেইটা খালী অৱস্থাত জব্দ কৰে বিভাগটোৱে ৷ উক্ত ঘটনাৰ সৈতে জড়িত থকাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে জিলা খাদ্য আৰু অসামৰিক যোগান বিষয়া বিপিন চক্ৰৱৰ্তীয়ে ৷ উল্লেখ্য যে,অসম-বংগ সীমান্তত গঢ়ি উঠা ৰন্ধন গেছৰ ক’লা বজাৰখনৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷
লগতে চাওকঃমহিলাৰ সুৰক্ষাৰ বাবে বিশেষ হাতমোজা উদ্ভাৱন ধেমাজিৰ যুৱ বিজ্ঞানীৰ