ETV Bharat / state

ধুবুৰীত ব্যৱসায়ীসহ বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ চুলাই মদ আৰু বিলাতী সুৰাসহ এজন সুৰা বেপাৰীক আটক কৰে ধুবুৰী আৰক্ষীয়ে । শংকৰ প্ৰসাদ নামৰ লোক এজনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চুলাই মদ আৰু বিলাতী সুৰা ৷

author img

By

Published : Jun 3, 2021, 10:40 PM IST

liquor seize by dhubri police
ধুবুৰীত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ ধুবুৰী

ধুবুৰী, 3 জুন : অবৈধ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ ঘাটিত পৰিণত হৈছে ধুবুৰীৰ এ এম কোঃ ৰোড অঞ্চল । বৃহস্পতিবাৰে এক অভিযান চলাই ধুবুৰী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুলাই মদ আৰু বিলাতী সুৰা সহ এজন সুৰা বেপাৰীক আটক কৰে ।

বিগত কেইটামান দিনৰ পৰা ধুবুৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে ধুবুৰী আৰক্ষীয়ে । তেনে সময়তে ধুবুৰীৰ এ এম কোঃ ৰোড বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত লোকনাথ পথত অভিযান চলাই ধুবুৰী আৰক্ষীয়ে ।

শংকৰ প্ৰসাদ নামৰ লোক এজনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চুলাই মদ আৰু বিলাতী সুৰা । দীর্ঘদিনীয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চলাই এই অভিযান । ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই যাব বুলি উল্লেখ কৰে ধুবুৰী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজিৰাণী শৰ্মাই ৷

লগতে পঢ়ক: এখন বিশেষ গাঁও : ঘৰ থাকিও মানুহে বসবাস কৰে টঙিঘৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.