ETV Bharat / state

Narcotics seized: ধুবুৰীৰ আগমণিত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ

ধুবুৰীত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । তাৰ মাজতে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ মাফিয়াই চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ । পুনৰবাৰ ড্ৰাগছ বিৰোধী অভিযান চলাই ধুবুৰীৰ আগমনিত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক কৰে এটা সৰবৰাহকাৰীক(Narcotics seized in Dhubri) ।

author img

By

Published : Feb 15, 2023, 1:32 PM IST

Narcotics seized in Dhubri
ধুবুৰীৰ আগমণিত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ

ধুবুৰী,১৫ ফ্ৰেব্ৰুৱাৰী: ৰাজ্যজুৰি চলি আছে ড্ৰাগছ বিৰোধী অভিযান(Anti drugs operation in assam) । পিছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী ধাৰাবাহিক অভিযান চলি থকাৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । ধুবুৰীতো একাংশ ড্ৰাগছ মাফিয়াই আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে ড্ৰাগছৰ ব্যৱসায় । চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা দীৰ্ঘ দিনে বিভিন্ন চক্ৰই ড্ৰাগছ অথবা নিচাজাতীয় দ্ৰব্য অসমলৈ সৰবৰাহ কৰি আহিছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰা হৈছে এই ড্ৰাগছ । আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই থকাৰ বিপৰীতে কেইবাটাও এনকাউণ্টাৰৰ ঘটনাও সংঘটিত কৰিছে(Anti drugs operation in Dhuburi) । কিন্তু তাৰ পিছতো একাংশই পশ্চিম বংগৰ পৰা বিভিন্ন কৌশলেৰে সৰবৰাহ কৰি আহিছে নিষিদ্ধ ড্ৰাগছ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ধুবুৰীৰ আগমণি আৰক্ষীয়েও ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান । শেহতীয়াকৈ আগমণি আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য(Narcotics seized in Dhubri) ।

জিলাখনৰ আগমনিত নিচাজাতীয় টেবলেট আৰু কফ চিৰাপসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী(One arrested with drugs in Dhuburi) । আটকাধীন সৰবৰাহকাৰীটোৰ নাম ইউছুফ সেখ বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে নিষিদ্ধ নিচাজাতীয় পাইভন স্পাচ প্লাছ কেপচুল ৪৮০ টা, নিপকোৰ-১০ কেপচুল ১০০ টা আৰু এছকাফ কফ চিৰাপৰ ৪২ টা বটল । উল্লেখ্য যে, সৰবৰাহকাৰীটোৱে এটা মোনাত ভৰাই আনিছিল নিচাজাতীয় কেপচুল তথা কফ চিৰাপখিনি ।

মঙ্গলবাৰে সন্ধিয়া চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা ধুবুৰী অভিমুখী যাত্ৰীবাহী বাছৰ অপেক্ষাত আগমণি বাছ আস্থানত ৰৈ থকা অৱস্থাত ৰাইজে আবদ্ধ কৰি আগমনি আৰক্ষীক গতাই দিয়ে সৰবৰাহকাৰী ইউছুফক । ঘটনাৰ খবৰ পাই আগমনি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে সৰবৰাহকাৰীটোক । ধৃত সৰবৰাহকাৰীটোৰ ঘৰ ধুবুৰী চহৰৰ ৯ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে ।

বৰ্তমান ধৃত সৰবৰাহকাৰী ইউচুফ শেখৰ পৰা অধিক তথ্য পোহৰলৈ আনিবৰ বাবে জেৰা অব্যাহত ৰাখিছে আগমণি আৰক্ষীয়ে । লক্ষণীয় বিষয় যে, ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ সৈতে বৃহৎ চক্ৰ এটা জড়িত থকাৰ সন্দেহ কৰা হৈছে । এতিয়া আৰক্ষীৰ জেৰাত কি কি তথ্য পোহৰলৈ আহে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: Three killed over land dispute: বৰপেটাত ভূমি বিবাদে প্ৰাণ কাঢ়িলে ৩ জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.