ETV Bharat / state

ধুবুৰীত ভূমি বিবাদকলৈ মোমাই ভাগিনৰ সংঘৰ্ষ - মোমাই ভাগিনৰ সংঘৰ্ষ

ভাগিন পক্ষৰ ফালৰ পৰা হাল বোৱা কাৰ্যত বাধা প্ৰদান কৰাক লৈ প্ৰথমতে দুই পক্ষৰ মাজত তৰ্ক যুদ্ধ আৰম্ভ হয় । পাচত ক্ৰমাৎ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সময়তে লাঠী আৰু চোকা অস্ত্ৰ আদিৰে আক্ৰমণ আৰম্ভ হয় মোমাইৰ পক্ষৰ ৷

ধুবুৰীত ভূমি বিবাদকলৈ মোমাই ভাগিনৰ সংঘৰ্ষ
author img

By

Published : Nov 8, 2019, 12:53 AM IST

ধুবুৰী, 7 নৱেম্বৰঃ ধুবুৰীৰ গোলকগঞ্জত ভূমি বিবাদক লৈ দুই পক্ষৰ সংঘৰ্ষ । মোমাই আৰু ভাগিন পক্ষৰ মাজত সংঘটিত হোৱা ভূমি বিবাদীয় সংঘৰ্ষত আহত হয় ভাগিন পক্ষৰ কেইবাজনো । খবৰ অনুসৰি, চাৰিআলিৰ আধাবিঘা মাটিক কেন্দ্ৰ কৰি দীর্ঘদিনৰে পৰা মোমাই ভাগিন পক্ষৰ মাজত সংঘাত চলি আহিছে ।

লগতে পঢ়কঃ ওড়িশাৰ দুৰ্ভগীয়া এহাল পিতৃ মাতৃয়ে মৃত পুত্ৰক জীয়াই ৰাখিলে কিদৰে ?

সংঘাতৰ পৰিপ্ৰেক্ষিততে বৃহস্পতিবাৰে মোমাই পক্ষৰ নুৰ হুছেইন আলী প্ৰধানী, ছয়ফৰ আলী প্ৰধানী, আনোৱাৰ হুছেইন, আলী হুছেইন আৰু কাশেম আলীকে ধৰি কেইবাজনো ব্যক্তি ভূমিত হাল বোৱাবলৈ উপস্থিত হয় । তেনে সময়তে ভাগিন পক্ষৰ ফালৰ পৰা হাল বোৱা কাৰ্যত বাধা প্ৰদান কৰাক লৈ প্ৰথমতে দুই পক্ষৰ মাজত তৰ্ক যুদ্ধ আৰম্ভ হয় । পাচত ক্ৰমাৎ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সময়তে লাঠী আৰু চোকা অস্ত্ৰ আদিৰে আক্ৰমণ আৰম্ভ হয় মোমাইৰ পক্ষৰ । ফলত ভাগিন পক্ষৰ সাতজনকৈ লোক আহত হয় । ইয়াৰে ভিতৰত গোলাম ৰাব্বাণী, গোলাম উচমানি, গোলাম জেলানি, গোলাম ৰহমান, আব্দুল বাৰেক, মইনা বিবি আৰু গোলাম মৌলাক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আনহাতে মোমাইৰ পক্ষৰ এজন আহত হোৱা বুলি জানিব পৰা গৈছে ।

ধুবুৰীত ভূমি বিবাদকলৈ মোমাই ভাগিনৰ সংঘৰ্ষ

উল্লেখযোগ্য যে, এই ঘটনাৰ পিছতেই স্থানীয় গোলকগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও আৰক্ষী এতিয়ালৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

Intro:ধুবুৰীৰ গোলকগঞ্জত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ সংঘৰ্ষ। মোমাই আৰু ভাগিন পক্ষৰ মাজত এই সংঘৰ্ষ। মোমাইৰ পক্ষৰ আক্ৰমণত ৰক্তাক্ত হল ভাগিল পক্ষ।

Body:ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত চাৰিআলিত এক ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত ভয়াৱহ সংঘৰ্ষৰ সূত্ৰপাত হয়। মোমাই আৰু ভাগিন পক্ষৰ মাজত সংঘটিত হোৱা ভূমি বিবাদীয় সংঘৰ্ষত আহত হল ভাগিন পক্ষৰ কেইবাজনো। জানিব পৰা মতে, চাৰিআলিৰ আধাবিঘা মাটিক কেন্দ্ৰ কৰি দীর্ঘ দিনৰে পৰা মোমাই ভাগিন পক্ষৰ মাজত সংঘাত চলি আহিছে। এনে সময়তে আজি মোমাই পক্ষৰ নুৰ হুছেইন আলী প্ৰধানী, ছয়ফৰ আলী প্ৰধানী, আনোৱাৰ হুছেইন, আলী হুছেইন আৰু কাশেম আলীকে ধৰি কেইবাজনে উক্ত বিবাদমান ভূমিত হাল বোৱাবলৈ উপস্থিত হয়। এনেতে ভাগিন পক্ষৰ ফালৰ পৰা হাল বোৱা কাৰ্যত বাধা প্ৰদান কৰাক লৈ প্ৰথমতে দুই পক্ষৰ মাজত তৰ্ক যুদ্ধ আৰম্ভ হয়। পিছত ক্ৰমাৎ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সময়তে লাঠী জং আৰু চোকা অস্ত্ৰ আদিৰে আক্ৰমণ আৰম্ভ হয় মোমাইৰ পক্ষৰ। ফলত ভাগিন পক্ষৰ ছয় সাতজনকৈ লোক আহত হয়। ইয়াৰে ভিতৰত গোলাম ৰাব্বাণী, গোলাম উচমানি, গোলাম জেলানি, গোলাম ৰহমান, আব্দুল বাৰেক, মইনা বিবি আৰু গোলাম মৌলাক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আনহাতে মোমাইৰ পক্ষৰ এজন আহত হোৱা বুলি জানিব পৰা গৈছে।

Byte:- আহত ভাগিন

Conclusion:উল্লেখযোগ্য যে, এই ঘটনাৰ পিছতেই স্থানীয় গোলকগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিওঁ আৰক্ষী এতিয়ালৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.