ETV Bharat / state

ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল ধুবুৰী । অখিল গগৈৰ মুক্তি, 'কা' বাতিল আৰু ভূমিহীনক মাটিৰ পট্টা প্ৰদানৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ।

author img

By

Published : Feb 3, 2021, 1:52 PM IST

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল ধুবুৰী

ধুবুৰী, ৩ ফেব্ৰুৱাৰী: বুধবাৰে ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ধুবুৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুয়োটা সংগঠনৰে ধুবুৰী জিলা সমিতিৰ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । অখিল গগৈৰ মুক্তি, 'কা' বাতিল আৰু ভূমিহীনক মাটিৰ পট্টা প্ৰদান, ধুবুৰী ৰাজহ চক্ৰত সংঘটিত দুৰ্নীতি ৰোধৰ দাবীত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ নেতৃত্বত কৃষক মুক্তিৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় । হাতে হাতে প্লে'কাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । আনহাতে, ধুবুৰী জিলাৰ ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা প্ৰদানৰ দাবী জনাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংগঠনটোৱে আবেদন কৰিছিল যদিও সেইসকল ভূমিহীন পৰিয়ালক ভূমি আবণ্টণ নিদি আৰ্থিক দিশত টনকিয়াল একাংশ লোকক ভূমি আবণ্টণ দিয়া বুলি অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

অখিল গগৈক মুক্তি দিয়াৰ দাবী উত্থাপন কৰি কৃষক নেতাগৰাকীৰ বিৰুদ্ধে বিজেপিয়ে ষড়যন্ত্ৰ কৰিছে আৰু ইয়াৰ আঁৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ নেতৃত্বই । লগতে ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সাধাৰণ ৰাইজক বিভিন্ন কামৰ নামত হাৰাশাস্তি কৰি অহাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদৰ অন্তত সংগঠন দুটাৰ তৰফৰ পৰা জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক:প্ৰকৃতি প্ৰেমীয়ে উদ্ধাৰ কৰিলে ৰোগাক্ৰান্ত বৰটোকোলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.