ETV Bharat / state

ব্ৰাহ্মণ সমাজৰ প্ৰতিক্ৰিয়াৰ পিছত মুখ খুলিলে কমল কুমাৰ মেধিয়ে

author img

By

Published : Feb 2, 2021, 9:45 PM IST

‘অসমৰ ব্ৰাহ্মণ সমাজক মই শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। মই আচলতে ব্ৰাহ্মণ সমাজক উদ্দেশ্যি কোনো মন্তব্য প্ৰদান কৰা নাই । একাংশ সংবাদ মাধ্যমেহে মোৰ বক্তব্যক অপব্যাখ্যা কৰিছে । মই শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলক ব্ৰাহ্মণ সমাজৰ দুজনমান ব্যক্তিয়ে চোৰাংচোৱা হিচাপে সহায় কৰিছিল বুলিহে কৈছিলোঁ । যি কথা ইতিহাসৰ পৃষ্ঠাত স্পষ্টকৈ উল্লেখ আছে।’-কমল কুমাৰ মেধি ৷

As_dhb_kamal-kumar-medhi-reaction-on-comment-upon-brahman-community_as10041
ব্ৰাহ্মণ সমাজৰ প্ৰতিক্ৰিয়াৰ পিছত মুখ খুলিলে কমল কুমাৰ মেধিয়ে

ধুবুৰী,2 ফেব্ৰুৱাৰী: ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে সোমবাৰে ধুবুৰীৰ বিলাসিপাৰাত ব্ৰাহ্মণ সমাজক লৈ কৰা এক মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এই মন্তব্য পিছতে ৰাজ্যৰ ব্ৰাহ্মণ সমাজে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰিছে ৷ ইয়াৰ পিছতেই এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে ৷ মঙলবাৰে ধুবুৰীৰ গৌৰীপুৰৰ ৰাজহুৱা পুথিভঁড়ালত অনুষ্ঠিত ৰাইজৰ দলৰ এক সভাত উপস্থিত হৈ মেধিয়ে কয়, অসমৰ ব্ৰাহ্মণ সমাজক মই শ্ৰদ্ধা কৰোঁ,সন্মান কৰোঁ । মই দৰাচলতে ব্ৰাহ্মণ সমাজক উদ্দেশ্যি কোনো মন্তব্য কৰা নাই । একাংশ সংবাদ মাধ্যমেহে মোৰ বক্তব্যক অপব্যাখ্যা কৰিছে । মই শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলক ব্ৰাহ্মণ সমাজৰ দুজনমান ব্যক্তিয়ে চোৰাংচোৱা হিচাপে সহায় কৰিছিল বুলিহে কৈছিলোঁ । যি কথা ইতিহাসৰ পৃষ্ঠাত স্পষ্টকৈ উল্লেখ আছে । ব্ৰাহ্মণ সমাজে একাংশ সংবাদ মাধ্যমৰ অপব্যাখ্যাক বিশ্বাস কৰি মোক ভুল বুজিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে কমল কুমাৰ মেধিয়ে ৷

আনহাতে, মোগলৰ প্ৰসংগ উত্থাপন কৰি কমল মেধিয়ে কয়, মোগলে অসমক আক্ৰমণ কৰাৰ দৰেই বৰ্তমান সময়তো ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে অসমক আক্ৰমণ কৰিছে ৷ ইয়াৰ সেনাপতিৰ দায়িত্ব ৰাজ্য চৰকাৰৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোৱা বুলি কটাক্ষ কৰে কমল মেধিয়ে । তেখেতে কয় যে, মই ব্ৰাহ্মণ সমাজক উদ্দেশ্যি কোনো মন্তব্য কৰা নাই । তেওঁৰ মন্তব্যই ৰাজ্যৰ ব্ৰাহ্মণ সমাজৰ মনত আঘাত দিয়াৰ বাবে ক্ষমা বিচাৰে কমল কুমাৰ মেধিয়ে ৷

লগতে পঢ়ক-কৰিমগঞ্জৰ আন্তজাৰ্তিক সীমান্ত পৰিদৰ্শন কৰিলে পংকজ কুমাৰ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.