ETV Bharat / state

অশ্ৰুশিক্ত নয়নেৰে ধুবুৰীবাসীৰ পৰা বিদায় ল’লে আনন্দ মিশ্ৰই - IPS Anand mishra etv bharat news

সোমবাৰে ধুবুৰীৰৰ পৰা বিদায় ল’লে আৰক্ষী বিষয়া আই পি এছ আনন্দ মিশ্ৰই ৷ জিলাখনৰ পৰা বদলি হোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিদায় বেলাত আৰক্ষী বিষয়া গৰাকীৰ চৰকাৰী আৱাসগৃহত দেখা গ’ল এক অভাৱনীয় পৰিস্থিতি ।

অশ্ৰুশিক্ত নয়নেৰে ধুবুৰীবাসীৰ পৰা বিদায় ল’লে আনন্দ মিশ্ৰই

author img

By

Published : May 18, 2021, 10:19 PM IST

ধুবুৰী, 18 মে’: অশ্ৰুশিক্ত নয়নেৰে সোমবাৰে ধুবুৰীৰৰ পৰা বিদায় ল’লে আৰক্ষী বিষয়া আই পি এছ আনন্দ মিশ্ৰই ৷ জিলাখনৰ পৰা বদলি হোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিদায় বেলাত আৰক্ষী বিষয়া গৰাকীৰ চৰকাৰী আৱাসগৃহত দেখা গ’ল এক অভাৱনীয় পৰিস্থিতি ।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিদায় বেলাত এগৰাকী মহিলাই কান্দিছে হুকহুকাই ৷ আৰক্ষী অধীক্ষক গৰাকীৰ বিদায় বেলাত স্মৃতি ধৰি ৰাখিবলৈ একোখনকৈ ছবি ম’বাইলত বন্দী কৰিছে সকলোৱে । সকলোৱে ফুলাম গামোচাৰ লগতে আন বিভিন্ন উপহাৰেৰে আৰক্ষী অধীক্ষক গৰাকীক জনাইছে সম্বৰ্ধনা । কোনোবাই লৈছে অট’গ্ৰাফ ।

আৱাসগৃহৰ গেটৰ সন্মুখত শতাধিক লোক ৰাতিপুৱাৰ পৰাই সমবেত হৈ আছে । আৰক্ষী অধীক্ষক গৰাকীৰ বিদায়ৰ সময়ত শেষ সাক্ষাতৰ বাবে ব্যাকুল ধুবুৰীবাসী ।

অশ্ৰুশিক্ত নয়নেৰে ধুবুৰীবাসীৰ পৰা বিদায় ল’লে আনন্দ মিশ্ৰই

উল্লেখ্য যে, প্ৰায় দহ মাহ পূৰ্বে জিলা আৰক্ষী অধীক্ষক হিচাপে ধুবুৰীত নিযুক্তি লাভ কৰিছিল আই পি এছ আৰক্ষী বিষয়া আনন্দ মিশ্ৰই । ধুবুৰীত যোগদান কৰাৰ পিছৰ পৰাই গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে কৰা অভিযানকে ধৰি বিভিন্ন অপৰাধজনিত কাৰ্যৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অভিযান । গৰুৰ চোৰাং ছিণ্ডিকেটৰ লগত জড়িত বহু খলনায়কক কৰায়ত্ব কৰাৰ লগতে বহু অপৰাধীক জেলৰ ভাত খুৱাবলৈ সক্ষম হৈছিল এইগৰাকী আৰক্ষী বিষয়াই ।

আনকি, যিকোনো অপৰাধৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা আৰক্ষী বিষয়া গৰাকীয়ে মাত্ৰ দহ মাহৰ ভিতৰত ধুবুৰীবাসীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । যাৰ বাবেই আই পি এছ আৰক্ষী বিষয়া গৰাকীৰ বিদায় বেলাত সোমবাৰে এক আবেগিক আৰু অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হ’ল ধুবুৰীত ।

লগতে পঢ়ক: গ্ৰাম্যাঞ্চলত কিদৰে চলিছে ক’ভিডৰ চিকিৎসা সেৱা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.