ETV Bharat / state

মহানুভৱতাৰ পৰিচয়েৰে বন্যাৰ্তক সহায় সেনাৰ - ৰেড হৰ্ণ ডিভিজন

ভাৰতীয় সেনা বাহিনীয়ে মহানুভৱতাৰ পৰিচয় দি বানপীড়িতলৈ আগবঢ়ালে সহায়ৰ হাত ৷ বিলাসীপাৰাৰ M.N.M.E স্কুলত থকা অস্থায়ী বান শিবিৰত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰিলে সেনা বাহিনীৰ বিষয়া সকলে ৷

বানপীড়িতলৈ সহায়ৰ হাত ভাৰতীয় সেনাৰ
author img

By

Published : Jul 21, 2019, 1:53 PM IST

পশ্চিম বিলাসীপাৰা, 21 জুলাই : কেৱল দেশ সেৱাই নহয় বানবিধস্ত আৰ্তজনৰ কাষতো থিয় দিলে ভাৰতীয় সেনা বাহিনীয়ে ৷ ধুবুৰী জিলাৰ পাণবাৰী আৰু বিলাসীপাৰাৰ গৌৰাং নগৰৰ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে মহানুভৱতাৰ পৰিচয় দি বিলাসীপাৰাৰ হাকামা M.N.M.E স্কুলত থকা অস্থায়ী বান শিবিৰত দেওবাৰে পুৱা 6 বজাৰ পৰা আৰম্ভ কৰে বিনামূলীয়া চিকিৎসা শিবিৰ ৷ বানাক্ৰান্তৰ অস্থায়ী শিবিৰটোত থকা শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰাৰ লগতে বিশুদ্ধ খোৱা পানী আৰু আহাৰ বিতৰণ কৰে সেনাৰ বিষয়া-জোৱানসকলে ৷

বানপীড়িতলৈ সহায়ৰ হাত ভাৰতীয় সেনাৰ

উল্লেখ্য যে বিলাসীপাৰাৰ শেহতীয়া বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও বৰ্তমানেও একাংশ অঞ্চল বানৰ কবলত আছে | ইয়াৰ ফলত বিলাসীপাৰাৰ ঠায়ে ঠায়ে এতিয়াও অস্থায়ী বান শিবিৰত দুৰ্বিষহ জীৱন যাপন কৰিবলগা হৈছে বন্যাৰ্তই | বিলাসীপাৰা চহৰৰ 9 নম্বৰ ৱাৰ্ড হাকামা M.N.M.E স্কুলত স্থাপন কৰা বান শিৱিৰত এতিয়াও বিলাসীপাৰাৰ আন্দুৰঝাৰ, মাৰুপাৰা আৰু বৰুৱাৰঝাৰ গাঁৱৰ দুই শতাধিক পৰিয়ালে দুৰ্বিসহ জীৱন - যাপন কৰিছে | শেহতীয়াকৈ শিবিৰৰ শিশু ,মহিলা তথা একাংশ বৃদ্ধলোক বিভিন্ন ৰোগত আক্ৰান্ত হৈছে |

Intro:Anchor - অকল দেশৰ সেৱা কৰাই নহয় আৰ্ত জনৰ কাষত থিয় হৈ দেওবাৰে পুৱা বিলাসীপাৰাত মহানুভৱতাৰ পৰিচয় দিলে ভাৰতীয় সেনা বাহিনীয়ে |
বিলাসীপাৰাত বান বিধ্বস্ত লোকলৈ ভাৰতীয় সেনাৰ মহানুভৱতা |
বিলাসীপাৰাৰ হাকামা M.N M.E স্কুলত থকা অস্থায়ী বান শিৱিৰত দেওবাৰে পুৱা ৬ বজাৰ পৰা আৰম্ভ হয় ভাৰতীয় সেনা বাহিনীৰ বিনামুলীয়াকৈ চিকিৎসা শিৱিৰ | বন্যাক্ৰান্তৰ অস্থায়ী শিৱিৰটোত থকা শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে ভাৰতীয় সেনাই | লগতে শিৱিৰটোত থকা বানপীড়িত সকলো লৈ বিশুদ্ধ খোৱা পানীৰ লগতে আহাৰ বিতৰণ কৰে সেনাই |Body:V. O - বিলাসীপাৰাতো সেহতীয়াকৈ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও আজিও একাংশ অঞ্চলত বানৰ পানী সম্পূৰ্ণ ৰূপে কমা নাই | ফলত বিলাসীপাৰাৰ ঠায়ে ঠায়ে এতিয়াও অস্থায়ী বান শিৱিৰত দুৰ্বিসহ জীৱন যাপন কৰিব লগীয়া হৈছে বন্যাৰ্তই | বিলাসীপাৰা চহৰৰ ৯ নম্বৰ ৱাৰ্ড হাকামা M.N M.E স্কুলত স্থাপন কৰা বান শিৱিৰত এতিয়াও বিলাসীপাৰাৰ আন্দুৰঝাৰ, মাৰুপাৰা আৰু বৰুৱাৰঝাৰ গাঁও তিনি খনৰ দুই শতাধিক পৰিয়ালে দুৰ্বিসহ জীৱন যাপন কৰিব লগীয়া হৈছে | সেহতীয়া শিৱিৰটোত দিন যাপন কৰা শিশু ,মহিলা,বৃদ্ধ বৃদ্ধা একাংশ আক্ৰান্ত হৈছে বিভিন্ন ৰোগত | শিৱিৰত থকা তেনে লোক সকলক সাময়িক সকাহ দিবলৈ আগবাঢ়ি আহিছেConclusion:ধুবুৰী জিলাৰ পানবাৰী আৰু বিলাসীপাৰাৰ গৌৰাং নগৰৰ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে | শিৱিৰটোত থকা প্ৰায় শতাধিক ৰোগীক সেনা বিভাগৰ চিকিৎসকৰ দ্বাৰা আজি স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰে | লগতে শিৱিৰত থকা লোক সকলৈ বিশুদ্ধ খোৱা পানী আৰু আহাৰ যোগান ধৰে | বান বিপৰ্যয়ৰ দিনত ভাৰতীয় সেনাৰ এনে মহানুভৱতাই ব্যাপক চৰ্চিত হৈ পৰিছে |
Bite বান শিৱিৰটোৰ দায়িত্বত থকা স্কুল খনৰ শিক্ষক |
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.