ETV Bharat / state

Boat game in Dhubri: ধুবুৰীত নাও খেলত অঘটন,কথমপি প্ৰাণৰক্ষা শতাধিকৰ - টিপকাই নৈত নাও খেল প্ৰতিযোগিতা

টিপকাই নৈত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা আৰম্ভ । প্ৰথম দিনাই ডুবিল নাও । ইপিনে,নাও খেলৰ নামত আয়োজক সমিতিয়ে লাখ লাখ টকাৰ জুৱা খেল অনুষ্ঠিত কৰাৰ অভিযোগ উঠিছে ।

Boat game competition in Tipkai River
টিপকাই নৈত নাও খেল প্ৰতিযোগিতা
author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 3:52 PM IST

টিপকাই নৈত নাও খেল প্ৰতিযোগিতা

ধুবুৰী, ১৮ অক্টোবৰ: ধুবুৰী জিলাৰ গৌৰীপুৰ বাঘমাৰা অঞ্চলত নাও খেল চলি থাকোতেই সংঘটিত হয় এক অঘটন । নাও খেল প্ৰতিযোগিতাত অংশ লোৱা এখন নাও হঠাৎ ডুব যায় টিপকাই নৈৰ বুকুত । ফলত প্ৰতিযোগিতাত অংশ লোৱা শতাধিক লোক পানীত ডুব যায় । অৱশ্যে কোনো ধৰণৰ ক্ষয় ক্ষতি নোহোৱাকৈ সাঁতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় প্ৰতিযোগিতাত অংশ লোৱা লোকসকলে ।

এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখ্য় যে মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ধুবুৰীৰ বাঘমাৰা অঞ্চলৰ টিপকাই নৈত আৰম্ভ হয় পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা । স্থানীয় আৰক্ষী থানা আৰু জিলা প্ৰশাসনৰ পৰা অনুমতি লৈ এই নাও খেলৰ আয়োজন কৰা হয় যদিও খেলত অংশ লোৱা নাৱৰীয়া তথা প্ৰতিযোগী সকলৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহয় । এনে দুৰ্ঘটনাৰ ফলত শতাধিক লোক একেলগে পানীত ডুব যোৱাৰ ফলত তেওঁলোকৰ জীৱনৰ প্ৰতি আহে চৰম ভাবুকি । কিন্তু এইক্ষেত্ৰত প্ৰশাসনে কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাই ।

অৱশ্যে খেলত অংশগ্ৰহণ কৰা লোক সকলে সাতুৰিব জানে বাবেই এইদৰে সাতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱা বুলি কয় প্ৰত্য়ক্ষদৰ্শীয়ে । মঙলবাৰে খেলৰ আৰম্ভণিৰ দিনাই প্ৰতিযোগিতাত অংশ লোৱা এইখন নাও হঠাৎ ডুব যায় টিপকাই নৈৰ বুকুত । কেইবাখনো নাৱে এই খেলত অংশগ্ৰহণ কৰে যদিও তাৰে এখন নাও এইদৰে দুৰ্ঘটনাত পতিত হয় । ইপিনে, এই পৰম্পৰাগত নাও খেলৰ নামত আয়োজক সমিতিয়ে দিনে নিশাই লাখ লাখ টকাৰ জুৱা খেল অনুষ্ঠিত কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:Kati Bihu 2023: আজি অসমীয়াৰ প্ৰাণৰ উৎসৱ কাতি বিহু; জানো আহক এই উৎসৱৰ সৈতে জড়িত কিছু বিশেষ কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.